Yeshe Dorjee Thongchiৰ সৈতে সাক্ষাৎকাৰঃ ইটানগৰ, ৬ আগষ্ট, ২০১৮ চন
আমাৰ গৱেষণা গ্ৰন্থৰ তথ্য সংগ্ৰহৰ বাবে বিগত ২০১৮ চনৰ আগষ্ট মাহৰ ৬ তাৰিখে তেওঁৰ ইটানগৰ স্থিত বাসভৱন – সোনা কুঞ্জত উপস্থিত হৈছিলোঁ। তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ জীৱনৰ বিষয়ে কিছু কথা জানিবলৈ প্ৰয়াস কৰিছিলোঁ প্ৰায় চাৰিঘন্টা সময় আমি বিভিন্ন কথা পাতিছিলোঁ।
তাৰ মাজত আছিল তেওঁৰ ব্যক্তিগত, সামাজিক আৰু সাহিত্যিক জীৱনৰ কিছু কথা। তেওঁক মই উপহাৰ দিছিলোঁ মোৰ কাব্য সংকলন – “জোনাকৰ বৰষুণত তিতি বুৰি “।
তাৰ বিপৰীতে তেওঁ মোক উপহাৰ দিছিল – “লিঙঝিক” আৰু “বিষকন্যাৰ দেশত “- নামৰ উপন্যাস দুখন।
আমাৰ সেই সাক্ষাৎকাৰৰ কিছু কথাঃ
প্ৰশ্নঃ আপুনি এজন অনা-অসমীয়া ব্যক্তি। অনা- অসমীয়া হৈয়ো অসমীয়া ভাষাত আপোনাৰ সৃষ্টিৰাজি প্ৰকাশ কৰিলে। তাৰ বিশেষ কাৰণ কিবা আছে নেকি?
য়েছে দৰজে ঠংচিঃ মই লিখা পঢ়া কৰিছিলোঁ অসমীয়া ভাষাত। দোফোলো নদীৰ পাৰত গুচুং হি নামৰ ঠাইত এখন স্কুল আছিল। তাৰ শিক্ষক আছিল খগেন্দ্ৰনাথ গগৈ নামৰ অসমীয়া মানুহ এজন।
তেওঁৰ আগতে আছিল আমাৰ গাঁৱৰ প্ৰথম শিক্ষক – বৰ্মন ছাৰ। আমাক অসমীয়া ভাষাত পঢ়োৱা হৈছিল। স্কুলত শিকোৱা হৈছিল – অ’ মোৰ আপোনাৰ দেশ, বিশ্ব বিজয়ী নৱ জোৱান, লুইতৰ পাৰৰে আমি ডেকা ল’ ৰা, দিপালী বৰঠাকুৰ বাইদেউৰ গীত, কেশৱ মহন্তৰ গীত। গতিকে অসমীয়া ভাষা মোৰ তেজত সোমাই গ’ল।
সেয়া “নেফা”ৰ সময়। প্ৰয়াত ইন্দিৰা মিৰি তেতিয়া নেফাৰ প্ৰথম শিক্ষা বিষয়া। তেওঁৰ তত্ত্বাৱধানত অসমীয়া ভাষাত নেফাত শিক্ষাৰ বিস্তাৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছিল।
মোৰ শিক্ষা অসমীয়া ভাষাত হৈছিল আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ।
সেই সময়ত অসমৰ বিভিন্ন সাহিত্যিকৰ উৎসাহত সাহিত্য সৃষ্টিত হাত দিছিলোঁ। মোৰ লিখা-মেলা অসমীয়া কাকত-আলোচনীত প্ৰকাশ পাবলৈ ধৰিছিল।
অসমৰ পঢ়ুৱৈয়ে মোৰ লিখনি আকোৱালি লৈছিল। গতিকে অসমীয়া ভাষাক মোৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰিলোঁ।
প্ৰশ্নঃ আপোনাৰ লিখনিৰ বাবে ক’ৰ পৰা প্ৰেৰণা পাইছিল?
ঠংচিঃ ক’ বলৈ গ’লে, লিখাৰ বাবে প্ৰেৰণা মই নিজৰ পৰাই পাইছিলোঁ। যদি লিখিবলৈ মানুহৰ তাড়না নাথাকে, আনে জোৰ কৰি লিখাব নোৱাৰে। মোৰ স্কুলীয়া দিনত শিক্ষক সকলে লিখিবলৈ কৈছিল।
কিতাপ পঢ়িবলৈ মোৰ খুব মন আছিল। কিন্তু পাঠশালা স্কুলত পঢ়িবলৈ কোনো বাহিৰা কিতাপ নাছিল। যেতিয়া হাতত কিতাপ পৰিল, উৰাই ঘূৰাই পঢ়িবলৈ ধৰিলোঁ।
তেতিয়াই মোৰো কিবা লিখিবলৈ মন গ’ল। মই সৰুতে জোনবাই নামৰ কবিতা এটা লিখি সকলোৰে পৰা প্ৰশংসা পাইছিলোঁ। সেয়াই আছিল আৰম্ভণি। মোৰ চৌপাশে ঘটি থকা ঘটনাবোৰৰ পৰা লিখিবলৈ তাড়না অনুভৱ কৰোঁ।
প্ৰশ্নঃ আপোনাৰ আগতে লুম্বেৰ দায়ে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ উত্তৰসূৰী আপুনি। আপোনাৰ পৰৱৰ্তী কালত অসমীয়া ভাষাত লিখা অৰুণাচলৰ লিখক কোন কোন আছে?
ঠংচিঃ বৰ্তমান অৰুণাচলৰ চৰকাৰী ভাষা ইংৰাজী। ইয়াৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰে। ইংৰাজী আপোন কৰি লৈছে। মোৰ পিছত অসমীয়াত লিখা মেলা কৰিব পৰা মানুহ ওলাব বুলি আশা কৰিব নোৱাৰি।
প্ৰশ্নঃ আপুনি পাহাৰ ভৈয়ামৰ সমন্বয় বুলি অসমৰ মানুহে ভাবে। আপোনাক অসমৰ মানুহে গভীৰ শ্ৰদ্ধা আৰু মৰম কৰে। আপোনাৰ কি ধাৰণা?
ঠংচিঃ মই তাক স্বীকাৰ কৰোঁ। অসম মোৰ দ্বিতীয় মা। অৰুণাচল আৰু অসমৰ মাজত মৰমৰ সেতু দৃঢ়। এই সেতু চিৰদিনৰ কাৰণে স্থায়ী হৈ থাকিব বুলি মোৰ বিশ্বাস।
প্ৰশ্নঃ আপোনাৰ পৰৱৰ্তী আঁচনি কি?
ঠংচিঃ খ্ৰীষ্টিয় অষ্টম শতিকাৰ মহান ভাৰতীয় দাৰ্শনিক শান্তি দেৱৰ “বোধিচাৰ্যবাৰ্তা” নামৰ গ্ৰন্থখনৰ অনুবাদৰ কাম কৰি আছোঁ। লগতে কৰ্ণেল জে জে সিঙৰ আত্মজীৱনী এখনৰ অনুবাদৰ কাম চলি আছে।
প্ৰশ্নঃ আপোনাৰ উপন্যাসসমূহৰ ওপৰত মই কিছু কাম কৰিব খুজিছোঁ। এই ক্ষেত্ৰত আপোনাৰ কব লগীয়া কিবা আছে নেকি?
ঠংচিঃ মোৰ কিতাপৰ ওপৰত উৰিষ্যাৰ এগৰাকীয়ে কাম কৰি আছে। বহু কেইজনে অন্যান্য ভাষালৈ অনুবাদৰ কামো কৰিছে। ইতিমধ্যে চনম আৰু মৌন ওঁঠ মুখৰ হৃদয় – অন্যান্য ভাষাত অনুদিত হৈছে। আপুনি আটাইকেইখন উপন্যাস লোৱা বুলি শুনি ভাল লাগিছে। শুভেচ্ছা জনালোঁ। কিবা প্ৰয়োজন হ’লে যোগাযোগ কৰিব।
মইঃ আপোনাৰ পৰা শুভেচ্ছা আৰু সহায়ৰ প্ৰতিশ্ৰুতি পাই আনন্দিত হৈছোঁ। পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ আশা কৰিলোঁ। ধন্যবাদ ছাৰ
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ