Yeshe Dorjee Thongchiৰ জীৱন আৰু সাহিত্যৰ বৰ্ণিল যাত্ৰা
পলমকৈ হ’লেও অৰুণাচলৰ যশস্বী কথা শিল্পী শ্ৰীযুত Yeshe Dorjee Thongchiক কেন্দ্ৰীয় চৰকাৰে যোৱা ২৬ জানুৱাৰীত (২০২২ ) পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল ।
অসমীয়া সাহিত্যৰ জনজাতীয় লিখক হিচাপে য়েছে দৰজে ঠংচিৰ নাম অসমীয়া পাঠকৰ মাজত বহু পৰিচিত আৰু বহুল সমাদৃত। ‘জোন বাই’- নামৰ কবিতাৰে সাহিত্যৰ পৃথিৱীত প্ৰৱেশ কৰা য়েছে দৰজে ঠংচি যেন প্ৰস্ফুতিত হৈ উঠিল – গল্প, আৰু উপন্যাসৰ মাজত, তাকো এখন অন্য প্ৰদেশৰ মাতৃভাষাৰ মাজত।
য়েছে দৰজে ঠংচিৰ জন্ম- ১৩ জুন, ১৯৫২ চন নেফাৰ কামেং সীমান্ত বিভাগৰ অন্তৰ্গত, বৰ্তমানৰ পশ্চিম কামেং জিলাৰ জগং বা জী গাওঁত, চেৰদুকপেন জনগোষ্ঠীৰ পৰিয়ালত।
দেউতাকৰ নাম – টাছি ফুনছু , মাকৰ নাম ৰিনচিন ছোজম ।
দোফোলো নদীৰ পাৰ হৈ গুচুং হিত অৱস্থিত প্ৰাথমিক বিদ্যালয়ত তেওঁৰ পঢ়া আৰম্ভ হৈছিল। চীনৰ আক্ৰমণৰ সময়ত তেওঁৰ পৰিয়ালে গাওঁ এৰি পলাই আহিব লগীয়াও হৈছিল।
তেওঁৰ মাধ্যমিক স্তৰৰ শিক্ষা সমাপ্ত হৈছিল বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । কলেজীয়া শিক্ষাৰ পূৰ্ণ পৰ্যায় আৰম্ভ হৈছিল গুৱাহাটীত, কটন কলেজত।
তাৰ পৰাই অসমীয়াত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত তেওঁ অৰুণাচলৰ প্ৰশাসনিক সেৱাৰ বাবে মনোনীত হয়।
১৯৯৩ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান লাভ কৰে। টাৱাং, নামনি সোৱণশিৰি আৰু চাংলাং জিলাৰ উপায়ুক্ত হৈ কাৰ্য্য নিৰ্বাহ কৰাৰ পিছত ২০১৫ চনত ঠংচিয়ে চৰকাৰী কামৰ পৰা অৱসৰ গ্ৰহণ কৰে।
পিছত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।
অৰুণাচলৰ সু-সাহিত্যক লুম্বেৰ দাইৰ উত্তৰাধিকাৰী হিচাপে অসমীয়া ভাষাত লিখা-মেলা কৰা য়েছে দৰজে ঠংচি এজন অসমীয়া সাহিত্যৰ প্ৰতিস্থিত লিখক ।
হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত নীলাচল কাকতত গল্প লিখি তেওঁ গল্পকাৰ হিচাপে পৰিচিত হয়। সঙ্গম, মনোৰঞ্জন, প্ৰকাশ, গৰিয়সী, প্রতিদিন, সাদিন, প্রান্তিক ইত্যাদি সংবাদপত্ৰ আৰু আলোচনীত তেওঁৰ বহুতো গল্প প্রকাশিত হ’বলৈ ধৰে।
তেওঁৰ উপন্যাসসমূহ –
ক) চনম, ১৯৮১চন ,
খ) লিঙঝিক ,
গ) মৌনওঁঠ মুখৰ হৃদয় , ২০০১ চন ,
ঘ) শৱ কটা মানুহ, ২০০৪ ,চন,
ঙ) বিষ কন্যাৰ দেশত, ২০০৬ ,
চ) মিছিং, ২০০৮ চন,
ছ) মই আকৌ জনম ল’ম (প্ৰথম খণ্ড) , ২০১১ চন ,
জ) মই আকৌ জনম ল’ম (দ্বিতীয় খণ্ড ) ২০১৮ চন,
ভ্ৰমণ কাহিনী
ঝ) ধুনীয়া মানুহৰ ধুনীয়া দেশ
আত্মজীৱনী
ঞ) হাঁহি আৰু চকুলোৰ শৈশৱ ২০১৬ চন,
ট) অসমীয়া অনুবাদঃ সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী
ঠ) ” Santi Deva’s Bodhicharyavarta” , “বোধিচাৰ্য বাৰ্তা” (২০২০),
ড) “Freedom In Exile – অসমীয়া অনুবাদ ” প্ৰৱাসত মুক্ত জীৱন”, (২০২০),
চুটিগল্প সংকলন
ঢ) পাপৰ পুখুৰী, ২০০০ চন,
ণ) বাঁহ ফুলৰ গোন্ধ, ২০০৫,
ত) অন্য এখন প্ৰতিযোগিতা,
” চেৰদুকপে জনজাতিৰ ইতিহাস”
থ) ” History of Community” : (১৯৮২)
ইয়াৰ ভিতৰত “মৌন ওঁঠ মুখৰ হৃদয় “- উপন্যাসত ২০০৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰিছে। ২০১৭ চনত মেগৰ অসম উপত্যকা সাহিত্য বঁটা ঠংচিলৈ আগবঢ়োৱা হয়।
তেওঁৰ প্ৰথম উপন্যাস – “চনম” ১৯৮১ চনত প্ৰকাশ পায়। তাৰ পিছত তেওঁ আৰু ৰৈ থকা নাই। ২০১৮ চনলৈ তেওঁৰ কাপৰ পৰা ওলোৱা মুঠ আঠখন উপন্যাসে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
তেওঁৰ উপন্যাসসমূহৰ পটভূমি হৈছে অৰুণাচল প্ৰদেশত বসবাস কৰা মনপা, চেৰদুকপেন, ৱাংজা, বাংনি আদি জনগোষ্ঠীয় সমাজত প্ৰচলিত কিছুমান প্ৰথা, পৰম্পৰা, অন্ধ বিশ্বাস, ধৰ্মীয় বিশ্বাস, পুনৰ্জ্জন্ম আদি।
এই সমগ্ৰ উপন্যাসৰাজিত প্ৰদেশখনৰ জনজাতীয় মানুহখিনিৰ জীৱন আৰু কঠোৰ সংঘৰ্ষ সম্পৰ্কে লিখকৰ প্ৰকৃত উপলব্ধি দৃষ্টিগোচৰ হয়।
তাৰ লগতে জনজাতীয় সমাজ জীৱনত প্ৰচলিত হৈ থকা লোক সংস্কৃতি, খাদ্যাভাস, কৃষি-বাণিজ্য, শিক্ষা ব্যৱস্থা, তিব্বতীয় শাসন প্ৰণালী আদিৰ প্ৰকৃত চিত্ৰ আদি এই উপন্যাসসমূহত প্ৰতিফলিত হৈছে।
সকলোবোৰ আধুনিক সমাজ-ব্যৱস্থা জনগোষ্ঠীয় সমাজ- ব্যৱস্থাৰ পৰিশীলিত আৰু বিকশিত ৰূপ। আধুনিক সমাজতো কিছুমান প্ৰাচীন জনগোষ্ঠীয় পৰম্পৰাই বিশিষ্ট স্থান অধিকাৰ কৰি থাকে।
আধুনিক সমাজ অধ্যয়নৰ বাবে সেইবোৰ পৰম্পৰাই বিশেষ সমলৰ যোগান ধৰে। সেই বাবেই য়েছে দৰজে ঠংচিৰ উপন্যাসসমূহৰ গুৰুত্ব অসীম।
অসমীয়া সাহিত্যত য়েছে দৰজে ঠংচিৰ সৃষ্টিসমূহ নিসন্দেহে শ্ৰেষ্ঠ বুলি বিবেচিত হৈছে । তেওঁৰ এই সৃষ্টিসমূহে তেওঁৰ বাবে যথাযোগ্য স্থান নিৰ্ধাৰণ কৰিছে আৰু ভৱিষ্যতেও তাক অক্ষুন্ন ৰাখিব। বিষয় বস্তু, পৃষ্ঠভূমি, কাহিনী আৰু অসমীয়া ভাষাৰ প্ৰতি ঠংচিৰ উপন্যাসসমূহ দায়বদ্ধ।
জনজাতীয় ভাষা, লোক-সংস্কৃতি, হেৰাই যাবলৈ ধৰা বিভিন্ন প্ৰথা, আচাৰ-অনুষ্ঠান, পূজা, যাদুবিদ্যা, খাদ্যাভাস, সামাজিক সম্পৰ্ক আদিৰ বিষয়ে ভৱিষ্যত প্ৰজন্মই অতীতৰ শিপা বিচাৰিলে ঠংচিৰ উপন্যাসৰ মাজত পাব।
তিব্বতীয় বৌদ্ধ ধৰ্মীয় ৰীতি-নীতিৰে গঢ়ি উঠা সমাজ এখনৰ প্ৰকৃত ছবি, অসমৰ পৰা অৰুণাচললৈ পথ নিৰ্মাণৰ জীয়া কাহিনী, চীন-ভাৰতৰ সীমা বিবাদৰ তথ্য প্ৰয়োজন সাপেক্ষে ঠংচিৰ উপন্যাসত পোৱা যাব ।
উল্লেখযোগ্য যে য়েছে দৰজে ঠংচিৰ বৰ্তমানলৈকে প্ৰকাশ পোৱা আঠ খন উপন্যাসৰ ওপৰত মই গৱেষণা কৰিছোঁ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ।
গৱেষণা কৰ্মৰ সৈতে জড়িত সময়ছোৱাত তেওঁক মই ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিছিলোঁ। অত্যন্ত সৰল আৰু সাধাৰণ জীৱন যাপন কৰা য়েছে দৰজে ঠংচিৰ জীৱন নানা বৈচিত্ৰৰে ভৰপূৰ। লিখক বৰ্তমান ইটানগৰত স্থায়ীভাৱে বাস কৰে ।
অহা বাৰৰ জানুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তেওঁ প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰকাশ পাইছে।
তেওঁ অসমীয়া ভাষাৰ এজন জনপ্ৰিয় লেখক। তেওঁৰ জনপ্ৰিয়তা আৰু সাহিত্য কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি অসম সাহিত্য সভাৰ সভাপতিৰ বাবে উপযুক্ত আৰু যোগ্য ব্যক্তি বুলি কোৱাটো উচিত হ’ব।
মাতৃভাষা অসমীয়া নোহোৱা স্বত্বেও অসমীয়া ভাষাৰ বাবে য়েছে দৰজে ঠংচিয়ে যি অৱদান আগবঢ়াইছে তাৰ তুলনা কৰা নেযায়। তেওঁ অৰুণাচল প্ৰদেশ আৰু অসমৰ হৃদয়ৰ সাঁকো।
যদিহে কোনো ভিতৰুৱা কথাই বিধিপথালি নিদিয়ে, তেন্তে শ্ৰদ্ধাৰ য়েছে দৰজে ঠংচি ডাঙৰীয়া অসম সাহিত্য সভাৰ সভাপতি হোৱাটো নিশ্চিত।
আমি আশা ৰাখিম ঠংচি ডাঙৰীয়া অসম সাহিত্য সভাৰ সভাপতি হৈ ভাষাটোৰ প্ৰতি বৰঙণি আগবঢ়াব।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ, Ne India News