Sunday, December 4, 2022
HomeAssameseWorld Pharmacist Day:চিকিৎসা খণ্ডৰ স্মৰণীয় দিন- 25 ছেপ্টেম্বৰ

World Pharmacist Day:চিকিৎসা খণ্ডৰ স্মৰণীয় দিন- 25 ছেপ্টেম্বৰ

World Pharmacist Day:চিকিৎসা খণ্ডৰ স্মৰণীয় দিন- 25 ছেপ্টেম্বৰ

আমাৰ দৈনন্দিন জীৱনত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে প্ৰতিনিয়ত Pharmacist এজনৰ সৈতে মুখামুখি (Interact) হ’ব লগীয়া হয় ।

বেছি ভাগ সময়তে হঠাতে হোৱা আমাৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰয়োজনত ডাক্তৰতকৈয়ো অধিক সময়ত আমি ফাৰ্মাচীষ্টৰ ওচৰলৈ যাওঁ।

কিন্তু এই ফাৰ্মাচীষ্টজনৰ বিষয়ে আমি কিমান জানোঁ বা তেনে ব্যক্তিজনক কিমান গুৰুত্ব প্ৰদান কৰোঁ?
ফাৰ্মাচীষ্টৰ কথা ক’বলৈ যাওঁতে প্ৰথমে জানিব লাগিব তেওঁ কোন। তেওঁক কিয় ফাৰ্মাচীষ্ট বুলি কোৱা হয় ?

Pharmacy Council of India

Pharmacy Council of India (PCI) ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ পিছত তাৰ অধীনত পঞ্জীয়ণভুক্ত লোকজনক সাধাৰণতে Pharmacist বুলি কোৱা হয়।

Pharmacist – who registered by Pharmacy Council and Authorised to prepare, compound, dispense and sell of and to make up prescriptions.” । কিন্তু বিদ্যা বা শিক্ষাৰ এক বিস্তৃত ক্ষেত্ৰ আছে। ফাৰ্মাচীষ্ট সৃষ্টি হ’বলৈ বিস্তৃত অধ্যয়নৰ প্ৰয়োজন।

সমাজত Pharmacist ৰ ভুমিকা

আমাৰ স্বাস্থ্য ৰক্ষা আৰু চিকিৎসা প্ৰক্ৰিয়াত ফাৰ্মাচীষ্টৰ ভূমিকা কোনোগুণে কম নহয়। ৰোগ চিকিৎসাৰ বাবে ভাৰতত প্ৰাচীন কালৰ পৰাই আয়ুৰ্বেদ আছিল প্ৰধান গ্ৰন্থ।

৫০০০ বছৰ আগতে ৰোগৰ নিদান মুখে মুখে প্ৰচলিত আছিল। পৰৱৰ্তী সময়ত তাক আয়ুৰ্বেদ শাস্ত্ৰ হিচাপে গ্ৰন্থৰ ৰূপ দিয়া হয়। তাৰ সমান্তৰাল ভাৱে চড়ক সংহিতা, শুশ্ৰুত সংহিতা, আৰু বিভিন্ন সূক্ত সমূহত ৰোগ নিৰ্ণয় আৰু তাৰ নিদানৰ বিধান লিপিবদ্ধ কৰা হৈছিল। ভাৰতৰ চড়ক আৰু শুশ্ৰুত একোজন প্ৰসিদ্ধ ফাৰ্মাচীষ্ট আছিল। তাক সকলো ভাৰতীয় লোকে জানে।

২১৬ খৃষ্টপূৰ্বত ইটালীত দাৰ্শনিক গেলেনে (Claudius Galenus) ঔষধৰ ওপৰত বিশেষ জ্ঞান আহৰণ কৰি প্ৰাকৃতিৰ বিভিন্ন গছ-লতিকাৰ শিপা, বাকলি, ফল, ফুল, জন্তুৰ হাড়, অংগ-প্ৰত্যংগ, সাপৰ বিষ আদিৰ পৰা ঔষধ প্ৰস্তুত কৰি তাৰে মানৱৰ ৰোগৰ উপাচাৰ কৰিছিল।

সেই বাবেই আধুনিক ফাৰ্মাচী বিদ্যাত গেলেনক মহান ফাৰ্মাচীষ্ট আখ্যা দিয়া হৈছে । আধুনিক যুগৰ Father of American Pharmacy বুলি ক’লে-William Procter Jr. ক বুজোৱা হয়।

তেওঁ ১৮৩৭ চনত ফিলাডেলফিয়া ফাৰ্মাচী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু American Pharmacists Association স্থাপন কৰে। তাৰ পিছতেই ঔষধৰ মিশ্ৰণ, পৰিমাণ, প্ৰয়োগ আদিৰ সন্দৰ্ভত তাৰ বৈজ্ঞানিক তথ্যৰ লিখিত ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল আৰু তাক গ্ৰন্থ আকাৰে সংৰক্ষণ কৰা হৈছিল।

আধুনিক ঔষধ বিজ্ঞানত ঔষধৰ মান, পৰিমাণ আদিৰ (standards for drug quality) বিৱৰণ থকা তথ্য সম্বলিত গ্ৰন্থক ‘ফাৰ্মাক’পিয়া'(Pharmacopeia) বোলা হয়।

পৰৱৰ্তী সময়ত ‘ফাৰ্মাক’পিয়া’ প্ৰস্তুত কৰাত উইলিয়াম প্ৰ’ক্টাৰে গভীৰ ভাবে মনোনিবেশ কৰিছিল। তেৱেঁই ‘United States Pharmacopeia’ প্ৰস্তুত কৰি উলিয়াইছিল।

উল্লেখযোগ্য যে ঔষধ প্ৰস্তুত কৰা প্ৰত্যেক দেশৰ নিজা নিজা ফাৰ্মাক’পিয়া থাকে। যেনে Indian Pharmacopeia (IP) , British Pharmacopeia (BP) ইত্যাদি।

Pharmacist ক্ষেত্ৰলৈ মহিলাৰ আগমণ

ফাৰ্মাচীষ্ট বৃত্তিত মহিলাৰ আগমন ঘটে ১৬ শতিকাৰ শেষ ভাগত । ফাৰ্মাচীষ্ট বৃত্তিৰ ইতিহাসত Elizabeth Greenleaf নামৰ আমেৰিকান মহিলা গৰাকীক প্ৰথম মহিলা ফাৰ্মাচীষ্ট বুলি উল্লেখ কৰা হৈছে।

সেই সময়ত ঔষধৰ দোকানক ‘apothecary’ বুলি কোৱা হৈছিল আৰু বষ্টন চহৰত Elizabeth Greenleaf – য়ে এখন apothecary চলাইছিল।

ভাৰতত গোৱা আছিল আধুনিক চিকিৎসা সেৱা প্ৰতিষ্ঠাৰ প্ৰথম স্থান। স্বাধীনতাৰ পূৰ্বেই গোৱাত ‘School of Pharmacy’ প্ৰতিষ্ঠা কৰা হৈছিল।

তাত পৰ্তুগীজ ডাক্তৰৰ সৈতে সদায়ে ফাৰ্মাচীষ্ট আছিল। ফাৰ্মাচীষ্টে নিশ্চিত কৰিছিল ৰোগাক্ৰান্তৰ ঔষধৰ পৰিমাণ, সেৱনৰ পদ্ধতি নাইবা দিনে কিমান বাৰ খুৱাব লাগিব তাৰ নিৰ্দেশনা ।

শিক্ষাগত অৰ্হতাৰে একোজন ফাৰ্মাচীষ্ট প্ৰস্তুত কৰিবৰ বাবে ” The Pharmacy Act 1948″ ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল। তাৰ অধীনত “Pharmacy Council of India” স্থাপন কৰি ভাৰতত ফাৰ্মাচীষ্ট গঢ়াৰ পদক্ষেপ লোৱা হৈছিল ।

World Pharmacist Day

উল্লেখযোগ্য যে তুৰ্কীৰ ইষ্টানবুলত ২০০৯ বৰ্ষৰ ২৫ ছেপ্টেম্বৰত ‘International Pharmaceutical Federation Council’ – ৰ স্থাপনা কৰা হয়।

তাৰ পিছৰ পৰাই পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত Pharmaceutical Federation Council বা Pharmacy Council গঠিত হৈছে।বৰ্তমান এই Pharmacy Council সমূহৰ অধীনত পঞ্জীয়ণভুক্ত ফাৰ্মাচীষ্ট হৈছে পৃথিৱীৰ স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই থকা তৃতীয়টো বৃহৎ দল।

ভাৰতত প্ৰায় ১০ লাখ ফাৰ্মাচীষ্টে দিনে-নিশাই জনতাক সেৱা আগবঢ়াই আছে। ফাৰ্মাচীষ্ট সকলে জনতাৰ প্ৰতি সেৱা আগবঢ়াই থকা সত্বেও যেন জনতাই তেওঁলোকৰ প্ৰতি মনোযোগ আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰাত কাৰ্পণ্য কৰি আহিছে। আজিও বৃহৎ সংখ্যক জনতাৰ লগত ফাৰ্মাচীষ্টৰ সম্পৰ্ক উন্নত নহয়।

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰত তথা অসমত স্বাস্থ্য খণ্ডৰ উন্নতি আৰু সংবৰ্ধনৰ বাবে ৰেজিষ্টাৰ্ড ফাৰ্মাচীষ্ট সকলে তেওঁলোকৰ জ্ঞান আৰু পাৰদৰ্শিতা (skills)ৰে নিৰৱে কাম কৰি আছে।

ঔষধ প্ৰস্তুত কৰণ, তাৰ সংৰক্ষণ, বিতৰণ আৰু জনসাধাৰণ হাতত ঔষধ এবিধ তুলি দি তাৰ ব্যৱহাৰ সম্পৰ্কে বুজাই দিয়ালৈকে ফাৰ্মাচীষ্ট সকলে যি ভূমিকা পালন কৰি আহিছে তাৰ বিষয়ে বহু লোক আজিও জ্ঞাত নহয়।

তাৰ পৰিপ্ৰেক্ষিতত ফাৰ্মাচীষ্ট আৰু ফাৰ্মাচী বিষয়টো সৰ্বসাধাৰণৰ ওচৰত স্পষ্ট ৰূপত উপস্থাপন কৰাৰ বাবে ‘International Pharmaceutical Federation Council’ – য়ে ২০১২ চনৰ পৰা তাৰ প্ৰতিষ্ঠা দিৱস ২৫ ছেপ্টেম্বৰৰ দিনটো ‘World Pharmacists Day’ হিচাপে পালন কৰিবলৈ সকলো বৃত্তিধাৰী ফাৰ্মাচীষ্ট আৰু বিভিন্ন খণ্ডত জড়িত ফাৰ্মাচীষ্টলৈ আহ্বান জনায়।

Read more–HDBFS celebrates World Physiotherapy Day 

তাৰ লগত সংগতি ৰক্ষা কৰি ভাৰততো ‘Pharmacy Council of India’ – ই প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব ফাৰ্মাচীষ্ট দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে, যাতে জনতাই অনুভৱ কৰিব পাৰেএই বৃহত্তম স্বাস্থ্য কৰ্মীসকল স্বাস্থ্য সেৱাৰ প্ৰকৃত উন্নয়নৰ বাবে কিমান গুৰুত্বপূৰ্ণ ব্যক্তি।

মানুহক সৰ্বোত্তম স্বাস্থ্য প্ৰদানৰ বাবে গৱেষণাৰ পৰা আৰম্ভ কৰি জনতাৰ হাতলৈ ঔষধ বিতৰণৰ বাবে এৱোঁলোকে কৰা ত্যাগ অতুলনীয়।

প্ৰতি বছৰে ‘International Pharmaceutical Federation Council’ – যে ‘World Pharmacists Day’-ৰ বাবে একোটা শ্লোগান গ্ৰহণ কৰে। এইবাৰৰ শ্লোগান হৈছে –

‘ Pharmacy united in action for a healthier world ‘.

আশাকৰা হৈছে – Pharmacist Day টোৱে বিভিন্ন ঠাইত কাম কৰি থকা ফাৰ্মাচীষ্ট সকলৰ বাবে যোগাযোগ আৰু কৰ্ম পদ্ধতি নিৰ্বাচনৰ এখন মঞ্চ হিচাপে পৰিগণিত হ’ব।

ফাৰ্মাচীষ্ট আৰু বৃত্তিটোৰ বিষয়ে লিখিব লগীয়া অনেক আছে। কিন্তু স্থানাভাৱত সেয়া বাদ দিবলগীয়া হ’ল।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments