UPPL যোগদান অন্য ৰাজনৈতিক দলৰ শতাধিক নেতা-কৰ্মীৰ

0
108

 

UPPL যোগদান অন্য ৰাজনৈতিক দলৰ শতাধিক নেতা-কৰ্মীৰ

আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হব লগা ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে । সমষ্টিটো নিজৰ হাতৰ মুঠিলৈ আনিবলৈ প্ৰতিটো ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে ।

ইয়াৰ মাজতেই সোমবাৰে ইউপিপিএল দলে ভাৰত ভূটান সীমান্তবৰ্তী গুৱাবাৰীত অনুষ্ঠিত কৰে এখন যোগদান সভা । এই সভাত বিভিন্ন দল সংগঠনৰ পৰা শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে । যোগদান কৰা অন্য ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলৰ আটাইকেইগৰাকীকে গামোছা আৰু দলীয় টুপীৰে দললৈ উষ্ম আদৰণি জনোৱা হয় ।

 আৰ বৰ্মন , তামুলপুৰ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here