মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী

56

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্দোগত তামুলপুৰ জিলা সদৰত বিক্ষোভ কার্যসূচী গ্ৰহণ কৰে৷ এই কাৰ্যসূচীত অংশ লয় ৰাভা ছাত্র সন্থা, শৰণীয়া কছাৰী ছাত্র সন্থা, কোঁচ ৰাজবংশী ছাত্র সন্থাৰ উপৰিও কেইবাটাও জাতীয় ছাত্র সংগঠনৰ নেতা কৰ্মী। লগতে বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি ৰাজপথত প্ৰতিবাদত নামিল ছাত্র ছাত্ৰীও। হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰিলে তামুলপুৰৰ ৰাজপথ।তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে তামুলপুৰ জিলা সদৰৰ ৰাজপথ পৰিভ্ৰমণ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।বিক্ষোভ কার্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ কলিতাই।

তামুলপুৰ, ৰজনী বৰ্মন, NE India news

LEAVE A REPLY

Please enter your comment!
Please enter your name here