Sunday, March 26, 2023
HomeAssameseShrinkhal Chaliyaৰ অসম অৰুণাচল বমগাৰা সীমান্ত পৰিদৰ্শন 

Shrinkhal Chaliyaৰ অসম অৰুণাচল বমগাৰা সীমান্ত পৰিদৰ্শন 

Shrinkhal Chaliyaৰ অসম অৰুণাচল বমগাৰা সীমান্ত পৰিদৰ্শন 

শেহতীয়াকৈ অসম অৰুণাচলৰ সীমা বিবাদ বিষয়টোৱে এক তুংগ ৰূপ লোৱা পৰিলক্ষিত হৈছে।।অসম অৰুণাচল দয়োখন চৰকাৰে এতিয়া দয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবৰ বাবে তৎপৰ হৈ পৰিছে।

মন্ত্ৰী অতুল বৰাৰ লগতে অৰুণাচলৰ প্ৰশাসনেও কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংৰিং কানকে আৰম্ভ কৰি সীমামূৰীয়া কেইবাডোখৰো ঠাই পৰিদর্শন কৰিছিল।

ইফালে অৰুণাচলী ৰাইজে অসমৰ ১০ খনকৈ গাঁও অৰুণাচলৰ বুলি দাবী কৰি অসমৰ ১১,৬৭৮.১৫ হাজাৰ হেকটৰ ভূমি অৰুণাচলৰ বুলি দাবী কৰি আহিছে।

মাৰ্ঘেৰিটা চাংলাং তিনি আলিৰ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ ষ্টীলৱেল পথৰ জয়ৰামপুৰৰলৈকে লেখাপানী আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত বৃহৎ অংশ ভূমি অৰুণাচলৰ বুলি দাবী কৰিছে।

শৃংখল চলিহাৰ অসম অৰুণাচল বমগাৰা সীমান্ত পৰিদৰ্শন 

তেনে সময়তে বুধবাৰে বীৰ লাচিত সেনাই দীৰ্ঘ দিনৰ পৰা চলি অহা অসম অৰুণাচলৰ সীমা বিবাদৰ স্থান বমগাৰা অঞ্চল পৰিদৰ্শন কৰি অসমৰ এক ইঞ্চিও মাটি অৰুণাচলক এৰি দিয়া নহব বুলি বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই হুংকাৰ দিয়াৰ লগতে মন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰি মন্তব্য প্ৰদান কৰে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments