Home Assamese Raddison Blu ৰ সন্মুখত TMCৰ প্ৰতিবাদ

Raddison Blu ৰ সন্মুখত TMCৰ প্ৰতিবাদ

90

Raddison Blu ৰ সন্মুখত TMC প্ৰতিবাদ

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ধুমুহাই কপাঁ‌ই গৈছে অসমকো । মহাৰাষ্ট্ৰৰ শিৱসেনা দলৰ বিসম্বাদী বিধায়ক সকলে বাহৰ পাতিছে জালুকবাৰীৰ ৰেডিছন ব্লু হোটেলত । মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী একনাথ সিন্ধেৰ নেতৃত্বত বিসম্বাদী বিধায়ক সকলে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰত্যাহ্বান জনাইছে ।
বৃহস্পতিবাৰে ৰেডিছন ব্লুত উপস্থিত তৃণমুল কংগ্ৰেছৰ সমৰ্থক । ৰেডিছন ব্লুৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমুল কংগ্ৰেছৰ সমৰ্থকৰ দলটোৱে । দলটোৱে হোটেলৰ ভিতৰলৈ যাবলৈ অপচেষ্টা চলায় । নিৰাপত্তাৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী ভাঙি হোটেলৰ ভিতৰত প্ৰবেশ কৰাত ব্যৰ্থ হয় তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদকাৰী দলটো । কি কাৰণত তৃণমুল কংগ্ৰেছে প্ৰতিবাদ কৰিছে তাক লৈয়ো নিশ্চিত নহয় প্ৰতিবাদত উপস্থিত থকা একাংশ সমৰ্থক । একাংশৰ মন্তব্য বিজেপিয়ে দেশত চৰকাৰ ভঙা পতাৰ খেল চলাইছে , এয়া অসাংবিধানিক । তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ প্ৰত্যক্ষ কৰা একাংশ সচেতন লোকৰ মন্তব্য , যদিহে বিজেপিয়ে অসাংবিধানিক কাৰ্য কৰিছে তেন্তে প্ৰতিবাদ কৰক হেঙেৰাবাৰী কাৰ্যলয়ৰ সন্মুখত । ৰেডিচন ব্লুত কিয় ? ৰেডিচন ব্লু হোটেলত শিৱসেনাৰ নেতা মন্ত্ৰী বিধায়কহে আছে । ৰেডিচন ব্লুত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কি লাভ হব বুলি প্ৰশ্ন পথেৰে চলাচল কৰা জনতাৰ ।

News Desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here