ধুবুৰীৰ পৰা শদিয়ালৈ যাবলগীয়া মটৰ চাইকেল যাত্ৰাত আনন্দ মিশ্ৰক সহযোগ কৰিলে কেইবাজনো সুদক্ষ আৰক্ষী জোৱানে ৷
মঙলবাৰে দৰং জিলাৰ সীমাৰ পৰা দৰং উপ আৰক্ষী অধিক্ষক প্ৰাঞ্জল বৰুৱা আৰু মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে আদৰণি জনালে আনন্দ মিশ্ৰক ৷
দৰং আৰক্ষী অধিক্ষকে আয়োজন কৰা আদৰণি অনুষ্ঠানত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰা এই সন্মান আৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি দাবী কৰে ৷ এনে সন্মান লাভ কৰা অসম দেশৰ দশম ৰাজ্য বুলি প্ৰকাশ কৰি আনন্দ মিশ্ৰই এই সাফল্যক সকলোকে উদযাপনৰ আহ্বান জনায় ৷ উল্লেখযোগ্য যে অহা ১০ মেত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অমিত সাহে গুৱাহাটীত এই সন্মান অসম আৰক্ষীলৈ প্ৰদান কৰিব ৷
পংকজ সৰকাৰ , মঙলদৈ , Ne India News