PFI ৰ ভয়ংকৰ ষড়যন্ত্ৰ ! ২০৪৭ চনত ভাৰতক ইচলামিক ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

10

PFI ৰ ভয়ংকৰ ষড়যন্ত্ৰ ! ২০৪৭ চনত ভাৰতক ইচলামিক ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৰ সন্দেহজনক আৰু বিচ্চিন্নতাবাদী গতিবিধি ভয়ংকৰ তথ্য পুনৰ পোহৰলৈ আহিছে । বিহাৰত আটক হোৱা তিনি অভিযুক্তই স্বিকাৰ PFI ৰে থকা যোগসুত্ৰৰ কথা ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণত অৰাজকতা সৃষ্টিৰ বাবে ষড়যন্ত ৰচনা কৰা হৈছিল । ১২ জুলাইত প্ৰধানমন্ত্ৰীয়ে বিহাৰ ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী ভ্ৰমণৰ পুৰ্ব সন্ধিয়া অৰ্থাৎ ১১ জুলাইত এক ভয়ংকৰ ষড়যন্ত্ৰক প্ৰতিহিত কৰে চোৰাংচোৱা সংস্থা তথা আৰক্ষীয়ে ।
প্ৰধানমন্ত্ৰীৰ সভা তথা ভ্ৰমণৰ সময়ত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ১৫ দিন প্ৰশিক্ষণ দিয়া হৈছিল একাংশ PFI ৰ সদস্যক । পাটনাৰ ফুলবাৰী শ্বৰীফৰ এটা বাসগৃহত অভিযান চলাই পাটনা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই মাষ্টাৰ মাইণ্ড মহম্মদ জালাউদ্দিন আৰু অটৱৰ পাৰভেজ সহ ৫ ব্যক্তিক ।
মহম্মদ জালাউদ্দিন পাটনা আৰক্ষীৰ চাৱ ইঞ্চপেক্টৰ আছিল আৰু জালাউদ্দিন বাসগৃহতে আছিল PFI ৰ কাৰ্যলয় । এই কাৰ্যলয়তে জিহাদী প্ৰশিক্ষণ দিছিল জালাউদ্দিন আৰু অটৱৰ পাৰভেজে ।
অটৱৰ পাৰভেজ পুৰ্বৰে পৰা সন্ত্ৰাসবাদী গতিবিধিৰ লগত জড়িত আছিল । ২০১৩ চনত নৰেন্দ্ৰ মোডীৰ সভাত হোৱা ধাৰাবাহিক বিস্ফোৰণত জড়িত আছিল আটৱৰৰ ভ্ৰাতৃ। অটৱৰ পাৰভেজে নিষিদ্ধ সংগঠন চিমিৰ লগতো জড়িত আছিল ।
১১ জুলাই চলোৱা অভিযানত মহম্মদ জালাউদ্দিনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু বিস্ফোৰক ডকুমেন্টছ । উদ্ধাৰ হৈছে PFI ৰ পতাকা । ২০৪৭ চনৰ ভিতৰত ভাৰতক ইচলামিক ৰাষ্ট্ৰ বনোৱাৰ গভীৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিছে উদ্ধাৰ ডকুমেন্টছৰ পৰা । ভাৰতক ইচলামিক ৰাষ্ট্ৰ বনোৱাৰ বাবে অস্ত্ৰ শস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও , সাধাৰণ মুছলমান নাগৰিকক PFI ৰ সদস্যভুক্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল জালাউদ্দিনৰ বাসগৃহত থকা ট্ৰেনিং চেন্টাৰত । আৰু এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে , ভাৰতক ইচলামিক ৰাষ্ট্ৰ কৰিবলৈ মুছলমান ৰাষ্ট্ৰ তুৰ্কীৰ সৈতে PFI য়ে সুসম্পৰ্ক গঢ়ি তোলাৰ কথাও ডকুমেন্টছৰ পৰা পোহৰলৈ আহিছে ।
বিহাৰৰ এই ষড়যন্ত্ৰৰ ঘটনাই এক ভয়ানক ভবিয্যতৰ ইংগিত বহন কৰিছে । ইতিমধ্যে এই সমগ্ৰ ঘটনা তদন্ত কৰি আছে NIA য়ে ।
প্ৰশ্ন উঠিছে , RAW ,IB ৰ শেনচকুৰ মাজতো দেশৰ বিৰুদ্ধে , দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে ভয়ানক ষড়যন্ত্ৰই ঠন ধৰি উঠিব পাৰিলে কেনেকৈ । দিল্লীৰ জাহাংপুৰৰ সাম্প্ৰদায়িক ঘটনা , অমৰাৱতীত হিন্দু লোক এজনক ডিঙি কাটি হত্যা কৰা ঘটনাত PFI ৰ নাম জড়িত হৈ থকাৰ তথ্য পোহৰলৈ অহা পিচতো , কিয় PFI ৰ প্ৰতি নৰম দৃষ্টি লৈ আহিছে চৰকাৰে । PFI ৰ মনোবল ইমানেই বৃদ্ধি পাইছে যে ভাৰতক ইচলামিক ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে , দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে । দাবী উঠিছে PFI ক নিষিদ্ধ কৰক , ধৰ্মৰ নাম লৈ সন্ত্ৰাসবাদৰ মুকলি বেহা পতা দেশবিৰোধী শক্তি দমন কৰক চৰকাৰে ।

News buruea reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here