NRC বলবৎ কৰাৰ দাবী উঠিল বিভিন্ন ৰাজ্যত

0
733

 

NATIONAL DESK NEINDIA: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে দেশত থকা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোনো অনুপ্ৰৱেশকাৰী দেশত থাকিব নোৱাৰিব ৷ সেয়া ৰহিংগীয়াই হওক বা বাংলাদেশীয়েই হওক ৷এটা এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ব কৰি সীমাৰ  বাহিৰ কৰা হব ৷লগতে উত্তৰাখণ্ডৰ জনসাধাৰণক উদ্দেশ্যি কয় ,যদি কোনো সন্দেহজনক ব্যক্তিক দেখা পায় বা সন্দেহ উপজে তেন্তে প্ৰশাসনৰ ওচৰত আহি জনাব পাৰিব ৷আৰু সেই ব্যক্তিৰ ওপৰত তদন্ত কৰা হব ৷যদি অবৈধ হয় তেন্তে তেওঁলোকক সীমাৰ বাহিৰ কৰি দিয়া হব । বৰ্তমান সময়ত NRC ক লৈ তীব্ৰ ৰাজনীতি চলি আছে বুলি মুখ্যমন্ত্ৰী ৰাৱটে মন্তব্য কৰে ৷

উল্লেখযোগ্য যে অসমত NRC ৰ প্ৰথমখন খচৰা জানুৱাৰী ২০১৮ ত প্ৰকাশ পাইছিল যত অসমৰ ১কোটি ৭০ লাখ মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল ৷আনহাতে ৩০ জুলাইত NRC ৰ দ্বিতীয়খন সমপূৰ্ণ  খচৰা প্ৰকাশ পাইছিল যত ৩কোটি ২৯ লাখ মানুহৰ ভিতৰত ২কোটি ৮৯লাখৰ নাম প্ৰকাশ পালে ৷৪০ লাখ মানুহৰ নাম এই খচৰাৰ পৰা বাদ পৰিছিল ৷আৰু তাৰ পাছৰ পৰাই গোটেই দেশতে ৰাজনৈতিক ধুমুহা ববলৈ আৰম্ভ কৰে ৷এই সম্পৰ্কত  উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী জনেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৷আনহাতে বিজেপিৰ কেইগৰাকী মান নেতাই গোটেই দেশতে NRC বলবৎ কৰিব লাগে বুলি দাবী উত্থাপন  কৰিছে  ৷NRC ৰ মুখ্য লক্ষ্য হৈছে ভাৰতত থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা ৷কিছুদিনৰ আগতে NRC ৰ ওপৰত বিজেপিৰ এজন জেষ্ঠ নেতা ৰাম মাধৱে কৈছিল যে NRC ৰ পাছত বিদেশী চিনাক্তকৰণ,বিদেশী মুক্ত আৰু বিদেশী বিতাড়ন কৰা হব বুলি কয় ৷তেওঁ কয় NRC ৰ পাছত প্ৰথমাৱস্থাত দেশত অবৈধ ভাৱে থকা নাগৰিকক চিনাক্ত কৰা হব ৷তাৰ পাছত তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হব আৰু তেওঁলোকক সকলোধৰণৰ  চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰা হব আৰু তৃতীয় স্তৰত তেওঁলোকক দেশৰ পৰা বিতাড়িত কৰা হব ৷NRC ৰ সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল ভাৰতত অবৈধ ভাৱে বসবাস কৰি থকা লোকসকল দেশৰ বাবে প্ৰত্যাহ্বান স্বৰূপ ৷NRC প্ৰক্ৰিয়া সমগ্ৰ দেশত বলবৎ কৰা প্ৰয়োজন,ইয়াৰ দ্বাৰা আমি ভাৰতবৰ্ষৰ লোকসকলক সুৰক্ষা প্ৰদান কৰিব পাৰিম

LEAVE A REPLY

Please enter your comment!
Please enter your name here