NRC প্ৰকাশৰ আগ মুহূৰ্তত ৫২ জন বাংলাদেশীক প্ৰত্যাৰ্ৱতন   

0
801

NRC প্ৰকাশৰ আগ মুহূৰ্তত ৫২ জন বাংলাদেশীক প্ৰত্যাৰ্ৱতন   

news desk ne india NRC প্ৰকাশৰ আগমুহূৰ্তত এক উল্লেখযোগ্য পদক্ষেপ ৷ ৫২জন বাংলাদেশীক প্ৰেৰণ কৰা হ’ব বাংলাদেশলৈ ৷ বাংলাদেশে এই ৫২ জন লোকক পৰিচয়ৰ ভিত্তিত গ্ৰহণ কৰিবলৈ সন্মত হৈছে ৷ মানকাচৰ  চেকপইন্টেৰে আইনী প্ৰক্ৰিয়াৰে বাংলাদেশক গতাই দিয়া হ’ব এই লোক সকলক ৷ বিগত দুবছৰত  অসমৰ পৰা ৩৯ জন বাংলাদেশীক নিজ দেশলৈ প্ৰেৰণ কৰা হৈছে  এই কথা অৱগত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷ অন্যহাতে উক্ত ৫২ জন বাংলাদেশীক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰাৰ পাছত তেওঁলোকক ৰখা হৈছিল ডিটেনচন কেম্পত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here