North East College of Hearing Impaired,বিশেষ ভাৱে সক্ষম ল’ৰা-ছোৱালীৰ কথাৰে

114
North East College of Hearing Impared,বিশেষ ভাৱে সক্ষম ল'ৰা-ছোৱালীৰ কথাৰে

North East College of Hearing Impaired বিশেষ ভাৱে সক্ষম ল’ৰা-ছোৱালীৰ কথাৰে

কেইদিনমান পুৰ্বে ‘North East College of Hearing Impaired’ নামৰ কলেজ এখনত উপস্থিত হোৱাৰ সৌভাগ্য হৈছিল। তাত দেখিছিলোঁ অন্য এখন পৃথিৱী। এজাক ল’ৰা-ছোৱালীয়ে শব্দৰ পৃথিৱীক প্ৰত্যাহ্বান জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ মনৰ কথা ইজনৰ পৰা সিজনলৈ।

কিছুমানে খেলিছে দবা আৰু কিছুমানে উপভোগ কৰিছে খেলৰ প্ৰতিযোগিতা। প্ৰকাশ কৰিছে মনৰ উচ্ছাস। নিশব্দে জনাইছে তেওঁলোকৰ সমস্যা বহুল জীৱনৰ কথা। তেওঁলোকৰ সৈতে একাত্ম হৈ আছে আন এচাম তেনেকুৱা লোক যিয়ে সেই ল’ৰা- ছোৱালীসকলক জীৱনৰ বাট দেখুৱাওৱাৰ প্ৰয়াস কৰিছে।
গুৱাহাটীৰ বিৰুবাৰী অঞ্চলত কেইজনমান বিশেষ ভাৱে সক্ষম ব্যক্তিৰ উদ্যোগত স্থাপন কৰা এখন শিক্ষানুষ্ঠানৰ পৰিবেশ আছিল সেয়া। তাত অনুস্থিত হৈছিল একাদশ সংখ্যক সদৌ অসম ভিত্তিত দবা টুৰ্ণামেণ্ট ( Assam Association of the Deaf – ৰ অধীনত )।

North East College of Hearing Impared,বিশেষ ভাৱে সক্ষম ল'ৰা-ছোৱালীৰ কথাৰে

অকল দবাই নহয় জানিব পাৰিছিলোঁ – এই কলেজৰ পৰাই অনুপম গোহাঁই, আৰু মাধুৰ্য্য বৰগোহাঁইয়ে ইউৰোপত ক্ৰিকেট খেলি অসমৰ নাম জিলিকাই আহিছে।

‘North East College of Hearing Impaired’ নামৰ কলেজখন স্থাপনত আগ-ভাগ লৈছে Assam Association of the Deaf-ৰ সাধাৰণ সম্পাদক শ্ৰী তপন কুমাৰ শৰ্মাই। তেখেতৰ লগত কাম কৰি আহিছে – এখন বোৰ্ডৰ সদস্য কিছুমানে। যদিয়ো এই সকল ব্যক্তি বিভিন্ন ঠাইত কৰ্মৰত, সকলোৱেই কাণেৰে নুশুনে আৰু কথা পাতিব নোৱাৰে।

যিদৰে আন বহুতো সাধাৰণ জীৱনৰ অধিকাৰী খৈলুৱৈ আমাৰ গৌৰৱৰ বিষয় তেনেকৈ অনুপম গোহাঁই, আৰু মাধুৰ্য্য বৰগোহাঁইহঁত সমাজৰ বাবে গৌৰৱৰ পাত্ৰ।

আমাৰ সমাজত বহুত শিশু আৰু ব্যক্তি আছে যাৰ জীৱনৰ বিকাশ হয় অন্য এক দুৰ্ঘটনা হিচাপে। আমাৰ দৰে সাধাৰণ ক্ষমতাৰ পৰা তেওঁলোক পৃঠক। অৰ্থাৎ শাৰিৰীক আৰু মানসিকভাবে কিছুমান প্ৰতিবন্ধকতাৰ সৈতে তেৱোঁলোক সম্পৰ্কিত।

আজিৰ পৰা তিনিটামান দশক আগলৈকে অসমৰ এজন দৃষ্টিহীন অথবা বাক হীন ছাত্ৰৰ বাবে মন, আত্মবিশ্বাস আৰু ধৈৰ্য্য থাকিলেও অধ্যয়নৰ ক্ষেত্ৰত আগুৱাব নোৱাৰা অৱস্থা আছিল।

এই অৱস্থা এতিয়াও সুচল বুলি ক’ব নোৱাৰি। কেইজনমান মানৱ দৰদী ব্যক্তিৰ একান্ত নিজা প্ৰচেষ্টাৰে গঢ়ি উঠিছে অতি নগন্য সংখ্যক কেইখনমান অনুস্থান।

কিছুমান পৰিয়ালত জন্মগ্ৰহণ কৰা অ-সাধাৰণ (God gifted ) শিশুৰ ভৱিষ্যতৰ বাবে উদ্বিগ্ন অভিভাৱকে সেই অনুস্থানবোৰত নিজৰ সন্তানক শিক্ষা লাভৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছে।

বহুত অভিভাৱকৰ সীমিত জ্ঞানৰ বাবে তেনেকুৱা অনেক প্ৰতিবন্ধী ল’ৰা- ছোৱালী উপযুক্ত শিক্ষা লাভৰ পৰা আজিও বহু দূৰৈত। তাৰ মাজতে কিছুমান অভিভাৱকে নেৰানেপেৰা প্ৰচেষ্টা চলালেও এই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক তথা জীৱনৰ ভৱিষ্যত খুব বেছি স্পষ্ট নহয়।

প্ৰতিবন্ধী ল’ৰা-ছোৱালীৰ বাবে ৰাজ্যত পৰ্য্যাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ অভাৱ

কাৰণ এনেকুৱা প্ৰতিবন্ধী ল’ৰা-ছোৱালীৰ বাবে অসমত পৰ্য্যাপ্ত শিক্ষাৰ প্ৰতিষ্ঠানৰ অভাৱ, শিক্ষা আৰু কৰ্ম ব্যৱস্থাৰ পৰিকাঠামো (Infrastructure) ৰ অভাৱ।

অধ্যয়নৰ পিছত তেওঁলোকৰ জীৱনৰ বাবে নিৰ্দিষ্ট এটা কৰ্মৰো কথাও ভাবিব লাগিব। দিব্যাংগ বুলি চৰকাৰী অনুদানেৰে এই সকল লোকক পৰমুখাপেক্ষী কৰাৰ পৰিবৰ্তে উন্নয়নমূখী কৰ্মৰ পৰিকল্পনাৰ আৱশ্যক আছে।

North East College of Hearing Impared,বিশেষ ভাৱে সক্ষম ল'ৰা-ছোৱালীৰ কথাৰে

এটা সময়লৈকে তেনে ব্যক্তিক পেঞ্চন বা আঁচনিৰ প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু তাৰ পিছৰ পৰ্য্যায়ত-এই ব্যক্তি সকল আনৰ পুতৌ নোহোৱাকৈ সম্ভ্ৰমেৰে জীয়াই থাকিব পাৰে, তাৰো পৰিকল্পনা তৈয়াৰ কৰা উচিত।

মই লগ পোৱা শ্ৰীমতী মাধৱী দাসৰ ঘৰ উত্তৰ জামুগুৰিৰ টুপীয়া অঞ্চলত। তেওঁ বৰ্তমান অস্থিগত সমস্যাৰ দিব্যাংগ সকলৰ হৈ কাম কৰি আছে। তেওঁ প্ৰৱল সংগ্ৰামৰ সন্মূখীন হৈয়ো হাৰ নমনা এগৰাকী ছোৱালী। তেওঁৰ অতীত বিভিন্ন ঘাত- প্ৰতিঘাতৰ সমষ্টি।

আন এগৰাকী ইন্টাৰপ্ৰিটেনাৰ লগ পাইছিলোঁ। নাম কুঁৱলী বেজবৰুৱা। তেওঁ চাইন লেংগুৱেজত বুজাই দিয়ে – তেওঁলোকক আমাৰ কথা। আমাক বুজাই দিয়ে তেওঁলোকৰ কথা।

মোৰ বান্ধৱীৰ ল’ৰা – গুৱাহাটী মঠ ঘৰীয়াৰ হিতেশ দাস। তেওঁ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ পৰা এম. এফ. এ. পাছ কৰি বিভিন্ন ঠাইত তেওঁ অঁকা চিত্ৰৰ বাবে বিভিন্ন পুৰস্কাৰ লাভ কৰিছে।

Read more-য়েছে দৰজে ঠংচিৰ সৈতে সাক্ষাৎকাৰ

জানিব পৰা মতে, এনেকুৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰী দৃষ্টি অতি সংকুচিত। যিসকলে প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে কাম কৰি আছে, তেওঁলোকৰ কথাত চৰকাৰে কমকৈ কাণ দিয়ে। চাকৰি এটাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগীয়া হয়।

অকল শ্ৰৱণ আৰু দৃষ্টিশক্তিৰ বাধাৰ বাহিৰেও আন কিছুমান বাধাগ্ৰস্ততা দেখা যায়। স্নায়ৱিক, মনোবৈজ্ঞানিক, জিনীয় আদি কিছুমান নতুন বাধাগ্ৰস্ততাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে। তাৰ ভিতৰত অটিজিম (Autism) আৰু ডাউন চিণ্ড্ৰম ( Down syndrome), ৰ কথাও উল্লেখ কৰিব পাৰি।

এই শব্দ দুটা আমাৰ বাবে বৰ্তমানেও নতুন। এই শব্দ দুটাই কোনো ৰোগক নুবুজায়। শৰীৰৰ এটা বিশেষ অৱস্থাৰ কথাহে বুজায়। এইসকল ল’ৰা- ছোৱালীৰ শিক্ষা লাভৰ বাবে অসমত কোনো চৰকাৰী ডাঙৰ অনুস্থান নাই।
সমাজৰ সকলো স্তৰতে এই ব্যক্তি সকলে প্ৰৱল সংগ্ৰামৰ সন্মূখীন হ’ব লগা হয়।

এনেকুৱা শিশুৰ পিতৃ-মাতৃসকলে যি প্ৰত্যাহ্বানৰ সন্মুখীন হয় – তাৰ কথা দোহৰাৰ প্ৰয়োজন নাই। এইসকল শিশুৰ অভিভাৱক বা ব্যক্তিৰ প্ৰৱল ইচ্ছা থাকিলেও আমাৰ শিক্ষা ব্যৱস্থাটো ইমানেই জটিল যে তেওঁলোকৰ বাবে শিক্ষাৰ ‘ডেথ এণ্ড’ যি কোনো সময়তে আহি পৰে ।

বহু অভিভাৱকে শিক্ষা ক্ষেত্ৰৰ জটিলতা আৰু প্ৰতিবন্ধকতা অতিক্ৰম কৰিব নোৱাৰি শেষত কপালক ধিক্কাৰ দি হাৰ মানিবলৈ বাধ্য হয়।

North East College of Hearing Impared,বিশেষ ভাৱে সক্ষম ল'ৰা-ছোৱালীৰ কথাৰে

পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ নানা তৰহৰ খবৰ আজি-কালি সহজ লভ্য হোৱাৰ বাবে আমি গম পাওঁ একোজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত কোনো এখন দেশৰ চৰকাৰ কিমান দায়বদ্ধ বা চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কেনেধৰণৰ ।

Read more-নেতিবাচক মানসিকতা

আমাৰ চৰকাৰেও মানৱ সম্পদৰ সুসংহত বিকাশৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ বাবে চৰকাৰ নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ। কিন্তু এইসকল প্ৰতিবন্ধী শিক্ষিত ল’ৰা- ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে নিশ্চিত ভাবে পদক্ষেপ লোৱা উচিত।

তেওঁলোকৰ বাবে এটা ডাঙৰ কলেৱৰৰ শিক্ষানুষ্ঠানৰ আৱশ্যক, যাতে সেইসকল শিশু আৰু ব্যক্তিয়ে প্ৰাথমিক পৰ্যায়ৰ পৰাই তেওঁলোকৰ বাধাগ্ৰস্ততা অনুসৰি মসৃণ ভাবে বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষালাভ কৰিব পাৰে।

আমাৰ বিশেষ ভাৱে সক্ষম লৰা-ছোৱালীখিনিক তাৰ পিছৰ পৰ্য্যায়ত খেলা- ধূলা, নাটক, সংগীত, সাহিত্য-কলা, আদিৰ সাংস্কৃতিক জগত খনত বিচৰণ কৰিব পৰা কৈ চিন্তা কৰাৰ প্ৰয়োজন আছে।

তাৰ বাবে প্ৰয়োজন এনে এখন বিশ্ববিদ্যালয়, য’ত এই বিশেষ বিশ্ববিদ্যালয় খনে বিশেষ ভাৱে সক্ষম শিশু আৰু ব্যক্তিসকলক প্ৰতিভা অনুযায়ী অনন্য ৰূপত গঢ়ি তুলিব পাৰে।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here