NHAI ৰ আজৱ কাণ্ড ! এগৰাকী বিষয়াৰ দৌৰাত্ম্যত ব্যতিব্যস্ত জনতা

0
367

 

NHAI ৰ আজৱ কাণ্ড ! এগৰাকী বিষয়াৰ দৌৰাত্ম্যত ব্যতিব্যস্ত জনতা

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ডিমা হাচাওৰ হাফলং স্থিত কাৰ্যলয়ৰ আজৱ কাণ্ড । জৰাজীৰ্ণ যাত্ৰা কৰা যাত্ৰীৰ পৰা টোলগেট স্থাপন কৰি সংগ্ৰহ কৰি গৈছে কৰ । হাফলং স্থিত NHAI ৰ কাৰ্যলয়ে চৰম মইমতালি প্ৰদৰ্শন কৰি হোজাই ডিমা- হাচাও জিলাৰ সীমান্ত মাণ্ডাৰডিছাত বহুৱাই লৈছে টোলগেট ।
ৰাষ্ট্ৰীয় ঘাইপথ AS-27 , AS-26 . AS-25 আৰু AS-24 ৰ অৱস্থা অতি জৰাজীৰ্ণ । পথটোৰ বিভিন্ন অংশ ভাঙি গৈছে ভাঙি । জিলাখনৰ লানটিং আৰু মাইবঙত ৰাষ্ট্ৰীয় ঘাইপথ এটা অংশ হৈছে অন্তৰ্ধান । কাণষাৰ নাই NHAI ৰ ।
উদালীৰ পৰা মাণ্ডেৰডিছা , হাটিখালী , লাইলিঙ হৈ মাইবঙলৈ এই সমগ্ৰ পথচোৱাত জিয়াতু ভুগিব লগা হৈছে যাত্ৰী সকলে । ভুমিস্খলন হৈ লানটিং, মাইবঙত ডাবল লেন পথৰ এটা লেন নিচিহ্ন হৈ পৰিছে । প্ৰায় এবছৰ পুৰ্বে পথচোৱা নিচিহ্ন হৈ যোৱাৰ পিচতো কিন্ত ৰিজনেল কাৰ্যলয়ে পথচোৱা নিৰ্মাণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । এইবাৰ চাওক আপাৰ ডিমা হাচাওৰ মৌপাহা ৰেলেৱে ওপৰৰ অংশৰ দৃশ্য ।
পথৰ এনে দুৰাৱস্থা দেখিও নেদেখাৰ ভাও লৈছে আহিছে NHAI ৰ হাফলং স্থিত NHAI ৰ ৰিজনেল অফিছে । কাৰ্যলয়টোত উঠি ৰজা বহি ৰজা সদৃশ কুমাৰ উপাধিৰ বিযয়া গৰাকীয়ে চৰম মইমতালী প্ৰদৰ্শন কৰি জিলাখনত চলাই গৈছে অবাধ অনিয়ম । টোলগেট স্থাপন কৰিব লগা হলে প্ৰাথমিক তথা গুৰুত্বপুৰ্ণ স্বৰ্ত টোৱে হল পথচোৱা হব লাগিব যাতায়ত সুচল তথা মসৃণ । কিন্ত জৰাজীৰ্ণ পথৰ কোনো মেৰামতি নকৰাকৈ কেনেদৰে মাণ্ডাৰডিছা টোলগেট স্থাপনৰ অনুমতি প্ৰদান কৰিলে ক্ষেত্ৰীয় কাৰ্যলয়ে । কোন সেই গৰাকী অতি প্ৰভাৱশালী কুমাৰ উপাধিৰ বিযয়া । পৰৱৰ্তী প্ৰতিবেদনত জিলাখনৰ পথ নিৰ্মাণত কুমাৰ উপাধিৰ বিযয়াগৰাকীৰ দুৰ্নীতি উদঙাম । কেনেদৰে দক্ষ বিযয়াক যড়যন্ত্ৰ মুলক ভাৱে বদলি কৰোৱাই নিজেই উঠি ৰজা বহি ৰজা হল । কেনেকৈ Black listed প্ৰতিষ্ঠানক পথ নিৰ্মাণৰ ঠিকা প্ৰদান কৰিলে । অপেক্ষা কৰক পৰৱৰ্তী প্ৰতিবেদনলৈ ।

Ne India News হাফলঙ

LEAVE A REPLY

Please enter your comment!
Please enter your name here