NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা
মঙলবাৰে নিশা বিজেপি নেতৃত্বাধীন NDA ৰ ৰাষ্ট্ৰপতি পদৰ নাম ঘোষণা কৰে । দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যলয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহমন্ত্ৰী অমিত শ্বাহ , ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই । NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হব ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰোপদী মুৰ্মু ।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পুৰ্বে মঙলবাৰে পুৱা বিশেষ তৎপৰতা পৰিলক্ষিত হয় বিজেপি শিবিৰত । জেপি নড্ডাই কেবালানিও বৈঠকত মিলিত গৃহমন্ত্ৰী অমিত শ্বাহ , ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেৰে । উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰে আলোচনা কৰে অমিত শ্বাহ আৰু জেপি নড্ডাই । বিভিন্ন দিশৰ পৰ্যালোচনা কৰি সহযোগী দল সমুহৰ মতামত লৈ অৱশেষত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰোপদী মুৰ্মুৰ নাম প্ৰস্তাৱ কৰা হয় । ৰাষ্ট্ৰপতি নিৰ্বাচনত যদিহে দ্ৰোপদী মুৰ্মু বিজয়ী হয় , তেন্তে এই পদ অধিষ্ঠিত তেৱেঁই হব সৰ্বকণিষ্ট ৰাষ্ট্ৰপতি ।
আনহাতে , বিৰোধী দল সমুহেও ৰাষ্ট্ৰপতি পদৰ বাবে উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যছবন্ত সিনহাক প্ৰক্ষেপ কৰিছে ।
National Desk , Ne India News