NCB ৰ কাৰ্যলয়ত উপস্থিত ৰাকুলপ্ৰীত ! শনিবাৰে উপস্থিত থাকিব দিপিকা

0
190

NCB ৰ কাৰ্যলয়ত উপস্থিত ৰাকুলপ্ৰীত ! শনিবাৰে উপস্থিত থাকিব দিপিকা

শুকুৰবাৰে (আজি) NCB ৰ জেৰাৰ সন্মুখীন হব অভিনেত্ৰী ৰাকুল প্ৰীত সিং । ইতিমধ্যে NCB কাৰ্যলয়ত উপস্থিত হৈছে অভিনেত্ৰী ৰাকুলপ্ৰীত । NCB য়ে বৃহস্পতিবাৰে জেৰাত উপস্থিত হবলৈ ৰাকুলপ্ৰীতক চমন জাৰি কৰিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই জেৰাৰ পৰা বাচিবলৈ প্ৰচেষ্টা চলাইছিল ৰাকুলপ্ৰীতে । NCB য়ে দ্বিতিয়বাৰৰ বাবে চমন জাৰি কৰিছিল ৰাকুলপ্ৰীত । ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছ চাটৰ পৰা ৰাকুলপ্ৰীতৰ নাম পোহৰলৈ আহিছিল ।
আনহাতে শুকুৰবাৰে দিপিকা পাডুকনেক জেৰাৰ বাবে NCB য়ে মাতিছিল যদিও মুৰকত শনিবাৰে নিৰ্ধাৰিত কৰা হয় দিপিকা পাডুকনেৰ জেৰা । শেহতীয়া খবৰ অনুসৰি দিপিকাৰ স্বামী ৰণবীৰ সিঙে NCB ওচৰত আবেদন জনাইছে । আবেদনত পত্নীৰ সৈতে NCB ৰ জেৰাত উপস্থিত থকাৰ প্ৰাৰ্থনা জনাইছে । যুক্তি দিছে , প্ৰতিকুল পৰিবেশত দিপিকাই জ্ঞান হেৰুৱাই । NCB য়ে ৰণবীৰ সিঙৰ আবেদনৰ ক্ষেত্ৰত কি সিদ্ধান্ত লব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।
শুকুৰবাৰে NCB য়ে ৰাকুলপ্ৰীত ৰ লগতে দিপিকাৰ মেনেজাৰ কৰিস্মা শ্বাহ আৰু ধৰ্মা প্ৰডাকচনৰ পৰিচালক ক্ষিতিশ প্ৰসাদকো জেৰা চলাব ।

Entertainment Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here