NASAৰ এক বিশেষ গাৰু আৱিস্কাৰ 

0
1431

INTERNATIONAL DESK NE INDIA : জনসাধাৰণৰ স্বাস্থ্য দৈনন্দিন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে তথা শৰীৰক  আটাইতকৈ প্ৰয়োজনীয় আৰামবিধেই হ’ল টোপনি। তেনেদৰে মানুহক ভাল টোপনিৰ বাবে প্ৰয়োজন হয় বিছনাত এটি  PILLOW অৰ্থাৎ গাৰুৰ। বৰ্তমান সময়ত আমি সকলোৱে ব্যৱহাৰ কৰা গাৰুসমূহক যদি,টোপনিৰ বাহিৰে কোনো অন্য প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেতেন সেয়া নিশ্চয়কৈ হৈ পৰিব গাৰু ব্যৱহাৰকাৰীসকলৰ বাবে এক আচৰ্য্যৰ বিষয়। গাৰুক লৈ এনে এক আচৰ্য্যকাৰী সৃষ্টি সফল কৰি উলিয়ালে আমেৰিকাৰ  NASA বিজ্ঞানীসকলে। তেওঁলোকে সৃষ্টি কৰি উলিয়ালে এনে এবিধ গাৰু যাক  ব্যৱহাৰ কৰিলে ব্যৱহাৰকাৰী ব্যক্তিয়ে  গভীৰ নিদ্ৰাত মগ্ন হব । লগতে গাৰুবিধে অন্য এটি কৰ্ম কৰিৱলৈ সক্ষম হব সেইটো হ’ল ব্যৱহাৰকাৰীৰ ঘাম শুহি লোৱা প্ৰক্ৰিয়া। NASA প্ৰতিষ্ঠানে এনে ধৰণৰ গাৰু আৱিস্কাৰ কৰাৰ মূলতে হ’ল মহাকাশচাৰী সকলে বিভিন্ন তাপমানত বাস কৰি থকা সময়ত, তেওঁলোকে যাতে স্বাস্থ্যৰ অৱনতি নোহোৱাকৈ কাৰ্য্য সম্পাদন কৰিব পাৰে । উল্লেখযোগ্য যে, NASA প্ৰতিষ্ঠানে আৱিষ্কাৰ কৰিছে দুটাকৈ নতুন ধৰণৰ গাৰু। এটা গাৰুৰ মূল্য ৯৯ ডলাৰ অৰ্থ্যাৎ ভাৰতীয় মূল্য ৭১০০ টকাৰ পৰা আৰম্ভ হ’ব আৰু অন্য বিধ গাৰুৰ মূল্য ২০০ ডলাৰ অৰ্থ্যাৎ ১৪ হাজাৰ টকা। ১৪ হাজাৰ টকীয়া গাৰুটোত দিয়া হৈছে  SLEEPER SENSER, SPEAKER তথা  VIBRATOR । যিয়ে গাৰু ব্যৱহাৰকাৰীৰ নাকৰ শব্দক এটা সীমিত পৰ্য্যায়ত ৰাখিব লগতে যিমানেই নাকৰ শব্দ বৃদ্ধি পাব গাৰু ব্যৱহাৰকাৰীক সিমানেই জগাই তুলিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here