Sunday, March 26, 2023
HomeAssameseKing is Back

King is Back

শ্ৰোতা তথা দৰ্শকক গীতেৰে মোহাচন্ন কৰিবলৈ সাজু হৈছে য়ো য়ো হানী সিঙ । আবু ধাবিত অনুষ্ঠিত আইফা এৱাৰ্ডৰ অনুষ্ঠানত উপস্থিত দৰ্শক, শ্ৰোতাৰ মাজলৈ পুনৰ উভতি অহাৰ কথা প্ৰকাশ কৰিছে জনপ্ৰিয় গায়ক হানী সিঙে । অতি শিঘ্ৰে ১০ টা নতুন গীত লৈ দৰ্শকৰ মাজলৈ আহিব হানী সিঙে । আইফা এৱাৰ্ড ২০২২ ত উপস্থিত থাকি হানী সিঙে আন এগৰাকী অভিনেতা তথা গায়ক গুৰু ৰন্ধাৱাৰ সৈতে যৌথ ভাৱে অনুষ্ঠানো পৰিবেশন কৰে ।
অনুষ্ঠান পৰিবেশনৰ মাজতে হানী সিঙে মঞ্চৰ পৰা নামি আহে । সেইসময়ত সন্মুখৰ আসনত বহি অনুষ্ঠান উপভোগ কৰি আছিল প্ৰসিদ্ধ সংগীত শিল্পী এ আৰ । হানী সিঙে মঞ্চৰ পৰা নামি আহি এ আৰ ৰেহমানৰ ভৰি চুই আশীৰ্বাদ গ্ৰহণ কৰে ।
হানী সিঙে উক্ত ঘটনাৰ ভিডিও চচিয়েল মিডিয়াত আপলোড কৰি ষ্পেচিয়েল মমেন্ট বুলি কেপচন লিখিছে ।

Entertainment Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments