Thursday, May 25, 2023
HomeAssameseKashmir Files ৰ পিচত Delhi Files

Kashmir Files ৰ পিচত Delhi Files

Kashmir Files ৰ অভুতপুৰ্ব সফলতাৰ পিচত চেলুলয়ড বন্দী হব দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ জীৱন্ত সত্য । কাশ্মিৰী পণ্ডিতৰ দুখ , মৰ্মবেদনা বাস্তৱ ৰুপত ডাঙি ধৰি দেশৰ লগতে বিদেশতো বিশেষ সমাদৰ লাভ কৰে ছবিখনে । পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ইয়াৰ পুৰ্বে নিৰ্মাণ কৰিছিল তাছখণ্ড ফাইলছ । তাৰপিচতে নিৰ্মাণ কৰে কাশ্মীৰ ফাইলছ । তাছখণ্ড ফাইলছ , কাশ্মীৰ ফাইলছৰ পিচত নিৰ্মাণ হব লগা দিল্লী ফাইলছ হব এই ত্ৰিলজীৰ তৃতীয় তথা অন্তিমখন ছবি । দিল্লী ফাইলছ নিৰ্মাণ হব ১৯৮৪ চনত দিল্লীত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ আলমত । ১৯৮৪ চনত দিল্লীত শিখ সকলৰ ওপৰত হোৱা অবৰ্ণনীয় অত্যাচাৰৰ জীৱন্ত ছবি ডাঙি ধৰা হব দিল্লী ফাইলছ ছবিখন । দিল্লী ফাইলছ ছবিখন নিৰ্মাণৰ কথা টুইটাৰেৰে প্ৰকাশ কৰি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ।

Entertainment desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments