JK ৰ সন্ত্ৰাসবাদৰ ওপৰত চৰকাৰৰ মোক্ষম আঘাত
ধাৰা ৩৭০ আৰু ৩৫(ক) ৰ বিলুপ্তিৰ পিচত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পাইছিল যদিও , বিগত কেবাটা মাহত পুনৰ সন্ত্ৰাসবাদে মুৰ ডাঙি উঠিছে উপত্যকাটোত। নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ সমান্তৰালকৈ টাৰ্গেট কিলিংৰ জৰিয়তে সাধাৰণ লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী গোটসমুহে । পাকিস্থানী সাহাৰ্য্য প্ৰাপ্ত সন্ত্ৰাসবাদী গোটসমুহে জম্মু-কাশ্মীৰত অৰাজকতা সৃষ্টিৰ চেষ্টা চলাই আহিছে ।
কেন্দ্ৰীয় চৰকাৰ তথা জম্মু-কাশ্মীৰ প্ৰশাসনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । উপত্যকাটোৰ পৰা সন্ত্ৰাসবাদ নিৰ্মুল কৰাৰ উদ্দেশ্যে JK ৰ উপৰাজ্যপাল মনোজ সিনহাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । Terror Ecosystem ৰ সৈতে সংযোগ থকা ব্যক্তিসকলক চৰকাৰী চাকৰিৰ পৰা আতঁৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
৯০ দশকৰ কুখ্যাত কাশ্মীৰি পণ্ডিতৰ হত্যালীলাৰ মাষ্টাৰ মাইণ্ড বিট্টা কাৰেটৰ পত্নী , সন্ত্ৰাসবাদী চৈয়দ চালাউদ্দিন ৰ পুত্ৰ সহ চাৰিগৰাকীক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে । বৰ্খাস্ত চাৰিওগৰাকী লোক সন্ত্ৰাসবাদী কাৰ্যকলাপৰে জড়িত থকা তথ্য লাভ কৰিছিল চোৰাংচোৱা সংস্থাই ।
উল্লেখ্য যে , JKLF ৰ নেতা তথা কাশ্মীৰি পণ্ডিতৰ হত্যালীলাৰ মাষ্টাৰ মাইণ্ড ফাৰুক আহমেদ ডাৰ ওৰফে বিট্টা কাৰেটৰ পত্নী অচবাহ অৰজুমন্দ খান ২০১১ বেচৰ JKAS ৰ এগৰাকী আমোলা ।
ধাৰা ৩১১ অনুচ্চেদ মতে এই সকলক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে ।
National Desk , Ne India News