IPL 2020: মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত কলকাতা

0
73

IPL 2020: মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত কলকাতা

ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ অব্যাহত ৰাখিছে জয়ৰ ধাৰা ৷ আবু ধাবিত অনুষ্ঠিত হোৱা মেচ খনত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে৷ কলকাতা নাইট ৰাইডার্ছে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি ২০ অ’ভাৰত ১৪৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷দলটোৰ হৈ পেট কামিনছে অপৰাজিতভাৱে ৫৩ আৰু অধিনায়ক ইয়ন মৰগানে অপৰাজিতভাৱে ৩৯ ৰানৰ ইনিংছ খেলে৷ আনহাতে ব্যর্থ হয় শুভমন গিল ২১, ৰাহুল ত্রিপাঠী ৭, নীতিশ ৰাণাই ৫, দীনেশ কার্তিকে ৪ আৰু আন্দ্রে ৰাছেলে ১২ ৰান কৰি আউট হয়৷
আনহাতে ১৪৯ ৰানৰ লক্ষ্যৰ পিছ লৈ দলটোৱে ১৬.৫ অ’ভাৰতে মাত্র দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ কুইণ্টন ডি ককে ৭৮ ৰানৰ অপৰাজিত ইনিংছ খেলে৷ অধিনায়ক ৰোহিতে ৩৫ আৰু সূর্য কুমাৰ যাদৱে ১০ ৰান কৰি আউট হয়৷ হার্দিক পাণ্ডিয়া ২১ ৰানত অপৰাজিত হৈ ৰয়৷
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here