IIFA Awards 2022- ৰ শ্রেষ্ঠ অভিনেতাৰ খিতাপ বিক্কী কৌশাললৈ

38

ইন্টাৰনেশ্চনেল ইণ্ডিয়ান ফিল্ম একাডেমী (IIFA) এৱাৰ্ডচ্ ২০২২- ৰ সমাপ্তি। ঘোষণা হ’ল IIFA এৱাৰ্ডচ্ বিজয়ী বিজেতাসকলৰ নাম। য়েচ আইলেণ্ড স্থিত আবু ধাবীত এই ২২ বৰ্ষীয়া IIFA এৱার্ডচ্ অনুষ্ঠানটি ২ জুনৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হৈছিল। IIFA 2022 বৰ্ষৰ শ্রেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰে “সৰ্দাৰ উধম” (Shardar Udham) ছবিখনৰ বাবে বিক্কী কৌশালে । ইয়াৰ পূৰ্বে ২০২২ বৰ্ষত তেখেতে শ্রেষ্ঠ সমৰ্থক অভিনেতাৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছিল। ২০২২ বৰ্ষৰ শ্রেষ্ঠ অভিনেত্ৰীৰ খিতাপ অর্জন কৰে “মিমি” ছবিখনৰ বাবে কৃতি স্যাননে। ২০২২ বৰ্ষৰ শ্রেষ্ঠ কথাছবিৰ খিতাপ লাভ কৰে সিদ্ধাৰ্থ মালহোত্ৰাৰ “সেৰসাহ” ছবিখনে। একেদৰে পংকজ ত্ৰিপাঠীয়ে লাভ কৰে ২০২২ বৰ্ষৰ শ্রেষ্ঠ সমৰ্থক অভিনেতাৰ খিতাপ।

Entertainment, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here