বান শিবিৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৩৮০০ টকাঃ মুখ্যমন্ত্ৰী

17

বান শিবিৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৩৮০০ টকাঃ মুখ্যমন্ত্ৰী

১৬ জলাই শনিবাৰে জনতা ভৱনত অনুষ্ঠিত সংবাদ মেলত অসমক জর্জৰিত কৰা দুটাকৈ বানৰ পাছত পৰিস্থিতিৰ শেহতীয়া তথ্য তথা বান আক্রান্তসকলৰ বাবে চৰকাৰখনে গ্রহণ কৰা পদক্ষেপ সম্পর্কে বিস্তাৰিত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। চলিত বছৰৰ দুটা বানৰ ঢৌৱে ৩৪ খন জিলাৰ প্রায় ৯০ লাখ লোকক প্রভাৱিত কৰাৰ লগতে প্রায় ২,৪০,০৯৬ হেক্টৰ খেতি মাটি নষ্ট কৰে।
বানপীড়িতসকলক আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়োৱাৰ বাবে সাহায্য শিবিৰ এৰি যোৱাৰ সময়ত তেওঁলোকৰ বেংক একাউণ্টত ৩৮০০ টকাকৈ প্রেৰণ কৰে চৰকাৰখনে। এই ধন পাবলগীয়া ১,৮৯,৭৫২টা পৰিয়ালৰ ভিতৰত ৩৫ হাজাৰ এতিয়াও বেংক প্রক্রিয়াগত কাৰণত প্ৰাপ্ত কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লগতে বান আৰু ভূমিস্খলনৰ ফলত জীৱন হেৰুওৱা ১৯৫ গৰাকী লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হ’য়। ইয়াৰোপৰি বানপীড়িত ১,০১,৫৩৯ শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ মুখ্যমন্ত্ৰীৰ বিশেষ পুথি অনুদান আগবঢ়োৱা হ’য়। মুখ্যমন্ত্রী সাহায্য পুঁজিৰ ধনেৰে পোনপটীয়া হস্তান্তৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টলৈ এই ধনৰাশি স্থানান্তৰ কৰা হয়। আৰু শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক অতিৰিক্ত পাঠ্যপুথি প্ৰদানৰ বাবে মূল্যায়ন কৰি আছে আৰু এই প্রক্রিয়া ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ।
মুখ্যমন্ত্রী গৰাকীয়ে প্রাপ্ত তথ্য অনুসৰি সম্পূর্ণ আৰু আংশিকভাৱে সর্বমুঠ ৩,০৩,৯৩০টা ক্ষতিগ্ৰস্ত ঘৰৰ পৰিয়াললৈ প্রক্রিয়াগতভাৱে স্বচ্ছতা বজাই পুনৰীক্ষণ আদিৰ জৰিয়তে ক্ষতিপূৰণ ৰাশি প্রদান প্রক্রিয়া অব্যাহত থাকিব আৰু ইয়াৰ লগতে আগষ্টৰ পৰা মথাউৰি, বিদ্যালয় ভৱন বা অন্যান্য আন্ত:গাঁথনিমূলক মেৰামতিৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে পদক্ষেপ গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে।

News Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here