বজালীত ৰঙালী বিহু উদযাপন সমিতিলৈ চৰকাৰৰ আৰ্থিক সাহায্য

69

বুধবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বজালী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰঙালী বিহুৰ চেক বিতৰণ কাৰ্যসূচী। পোনপ্ৰথমবাৰৰ বাবে চৰকাৰে বিহু উদযাপন সমিতিলৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছে। বুধবাৰে বজালীৰ ৪৬ খন ৰঙালী বিহু উদযাপন সমিতিলৈ এককালীন ১,৫০,০০০ টকাকৈ আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে।

অসমীয়াৰ বাপতিসাহোন তথা জাতীয় উৎসৱ ৰঙালী বিহুক ৰং-ৰহইচ আৰু সফলতাৰে উদযাপন কৰাৰ লগতে ৰাজ্যৰ আৰ্থ-সামাজিক উত্তৰণ আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত থকা ৰাজ্য চৰকাৰৰ নৈতিক দায়িত্ব সমূহক কেন্দ্ৰ কৰিয়েই মুখ্যমন্ত্ৰীয়ে এইবাৰ বিহু উদযাপন সমিতিলৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, বুলি মন্তব্য কৰে মন্ত্রী গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here