Thursday, March 16, 2023
HomeAssameseGNMৰ নেতৃত্বত চৰগোলা চিকিৎসালয়ত অবৈধ গৰ্ভপাতৰ বেহা

GNMৰ নেতৃত্বত চৰগোলা চিকিৎসালয়ত অবৈধ গৰ্ভপাতৰ বেহা

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে। ঠিক তেতিয়াই কৰিমগঞ্জ জিলাৰ চৰগোলা প্ৰাথমিক চিকিৎসালয়ত চৰম দুৰ্নীতিৰ তথ্য ‌পোহৰলৈ আহিছে। চৰকাৰে বিনামূলীয়া প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে নিৰন্তৰ নতুন প্ৰকল্প গ্ৰহণ কৰি আছে। বিশেষকৈ গৰ্ভৱতী মহিলা সকলৰ বাবে চৰকাৰে নতুন নতুন প্ৰকল্প গ্ৰহণ কৰি‌ থকা সময়তে, কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰগোলা প্ৰাথমিক চিকিৎসালয়ত জিএনএম হাফছা বেগমৰ নেতৃত্বত অসহায় দৰিদ্ৰ আৰু দুখীয়া গৰ্ভৱতী মহিলা সকলৰ লুণ্ঠন
চলিছে।

অনিপুৰৰ ৭২ হাল গাঁৱৰ তেওঁৰ সহকৰ্মী আনৱাৰজান বিবি গোপন কেমেৰাত বন্দি‌‌ কৰিছে এক শিহৰণকাৰী দৃশ্য পোহৰলৈ আহিছে।
যত দেখিবলৈ পোৱা গৈছে অপৰিপক্ক শিশু সকলৰ খণ্ড খণ্ডকৈ কৰা তেজেৰে ৰঙা দেহৰ বিভিন্ন অংগ।‌‌ জিএনএম গৰাকী সেই খণ্ড খণ্ডকৈ কৰা মানব শিশুৰ অংগ বিলাক তেওঁৰ ‌সহকৰ্মীক মাটিৰ তলত পুতিবলৈ কৈছিল।‌ কিন্তু সহকৰ্মী আনৱাৰজান বিবি সেয়া নকৰিলে তেওঁঁক শাৰীৰিক উৎপীড়ন‌ কৰাৰ অভিযোগ উঠিছে। পিছত আনৱাৰজান বিবিৰ মোবাইল কেমেৰাত বন্দি‌‌ কৰা ভয়ঙ্কৰ দৃশ্য পোহৰলৈ অহাৰ কাৰণে উন্মোচিত হৈছে নতুন নতুন তথ্য।

জিএনএম হাফছা বেগম বিবাহিত মহিলাৰ লগতে অবিবাহিত ছোৱালীবোৰৰ অবৈধভাৱে গৰ্ভপাত কৰি অবৈধ বেহা-বেপাৰ চলাই অহাৰ তথ্য পোহৰলৈ অহাৰ পিছত কৰিমগঞ্জৰ সাংসদ কৃপানাথ
মল্লাহ, ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰ কে ধৰি বিভিন্ন দল‌ সংগঠন আৰু স্থানীয় ৰাইজ তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে কৰিমগঞ্জৰ যুটিয়া স্বাস্থ্য সঞ্চালক ডাঃ ছামছুল আলমক লিখিত অভিযোগ দিয়াৰ পিছতো তেওঁ ৰহস্যজনক কাৰণে অভিযুক্ত
জিএনএম হাফছা বেগমৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। ফলত অভিযুক্ত জিএনএম গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কাষত দাবী জনাইছে স্থানীয় ৰাইজ।

হীৰক বণিক ,ৰামকৃষ্ণনগৰ ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments