EMIRATES বিমানত অসুস্থ বহু যাত্ৰী

0
790

INTERNATIONAL DESK NE INDIA : ডুবাইত সংঘটিত হল এক আজব ঘটনা। দেশখনৰ বিমান প্ৰতিষ্ঠান EMIRATESৰ এখন বিমানত অসুস্থ হৈ পৰিল বহুসংখ্যক যাত্ৰী। ডুবাইৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিবলগীয়া ২০৩ নম্বৰ বিমানখনত সংঘটিত হয় এই ঘটনাটো। বিমানখনত যাত্ৰা কৰা মুঠ ৫২১ গৰাকী যাত্ৰীৰ ভিতৰত প্ৰায় ১০০ জন যাত্ৰীয়ে অসুস্থতাৰ কথা সদৰি কৰিছিল। অধিকাংশ যাত্ৰীয়ে অভিযোগ কৰিছিল তেওঁলোকৰ কাহ আৰু চৰ্দি হোৱাক লৈ। অসুস্থ যাত্ৰীসকলৰ ভিতৰত ১০ জন লোকে চিকিৎসাধীন হয়। এই লোকসকল হ’ল সাতজনকৈ যাত্ৰী আৰু তিনিজন বিমান কৰ্মচাৰী। উল্লেখযোগ্য যে,এজন প্ৰবক্তাই কৰা মন্তব্য অনুসৰি  সন্দেহ কৰা হৈছে যাত্ৰীসকল ফ্লু ৰোগত আক্ৰান্ত হোৱাটো। কিয়নো EMIRATES বিমানখনে মক্কা চহৰত কিছুসময় অতিবাহিত কৰিছিল আৰু মক্কাত এতিয়া বিৰাজ কৰিছে ফ্লু ৰোগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here