Tuesday, March 21, 2023
HomeAssameseEmergency landing স্পাইচজেট বিমানৰ

Emergency landing স্পাইচজেট বিমানৰ

Emergency landing স্পাইচজেট বিমানৰ

Emergency landing স্পাইচজেট বিমানৰ। ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিমানযাত্ৰীসকল। দিল্লী বিমান বন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰা হ’ল স্পাইচজেটৰ SG-2862 বিমানখন। দিল্লীৰ পৰা জৱলপুৰ অভিমুখে উৰা মাৰিছিল স্পাইচজেটৰ এই বিমানখন। ২ জুলাইৰ পুৱা ৬.১৫ বজাত দিল্লী বিমান বন্দৰৰ পৰা জৱলপুৰ অভিমুখে উৰা মৰা বিবানখন পুনৰ দিল্লী বিমান বন্দৰত ৭ বজাত জৰুৰীকালীন অৱতৰণ কৰা হ’য়। ভূ-পৃষ্ঠৰ পৰা ৫০০০ ফুট উচ্চতাত উৰা মৰাৰ সময়তে বিমানৰ ভিতৰ ভাগ ধোৱাৰে আৱৰি ধৰে আৰু উৎকট গৰমে যাত্ৰীসকলক হেঁচি ধৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় যাত্ৰীসকল। যাৰ বাবে পুনৰ দিল্লী বিমান বন্দৰতেই জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হ’য় বিমানখন। উল্লেখযোগ্য যে এই একেখন জৱলপুৰ অভিমুখী বিমানেই ১০-১২ দিন পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে দিল্লীত জৰুৰীকালীন অৱতৰণ কৰিব লগা হৈছিল। একেখন বিমানেই বাৰে বাৰে বিপদৰ সন্মুখীন হোৱাক লৈ যাত্ৰী সকল সংকিত হৈছে আৰু বিমানখনৰ কাৰিকৰী দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিবলৈ নির্দেশ দিয়ে। পৰীক্ষা নিৰীক্ষা সমাপন কৰাৰ পাছতহে দিল্লীৰ পৰা উৰা মৰাৰ অনুমতি প্রদান কৰা হ’ব বুলি জানিবলৈ দিয়ে বিমান বন্দৰ কৰ্তৃপক্ষই।

News Desk, Ne India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments