ED য়ে আজি জেৰা কৰিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক

6

ED য়ে আজি জেৰা কৰিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক

National Herald গোচৰত বৃহস্পতিবাৰে ED য়ে জেৰা কৰিব কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীক । সুত্ৰৰ খবৰ অনুসৰি , ছোনিয়া গান্ধীক ED চলাবলগীয়া জেৰা সন্ধৰ্ভত বৃহস্পতিবাৰে পুৱা বৈঠকত মিলিত হয় কংগ্ৰেছৰ জেষ্ঠ্য নেতা সকলৰ । পৰৱৰ্তী ৰণনীতি সন্ধৰ্ভত আলোচনা হয় বৈঠকত ।
যিসময়ত কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীক ED য়ে জেৰা কৰিব , সেইসময়ত কংগ্ৰেছে সমগ্ৰ দেশত বিৰোধ প্ৰদৰ্শন কৰিব । ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট সহ কংগ্ৰেছৰ বহু জেষ্ঠ্য নেতাৰ লগতে বহুকেইগৰাকী সাংসদ উপস্থিত আছে নতুন দিল্লীত ।
ইয়াৰ পুৰ্বে ED য়ে ২৩ জুনৰ জেৰাত উপস্থিত থকাৰ বাবে প্ৰথমবাৰৰ বাবে জাননী প্ৰেৰণ কৰিছিল কংগ্ৰেছ অধ্যক্ষালৈ । কিন্ত কভিডত আক্ৰান্ত আৰু হাওঁ‌ফাওঁ‌ৰ সংক্ৰমণৰ বাবে উক্ত তাৰিখত উপস্থিত নেথাকিল কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধী । পুনৰ ৮ জুনত উপস্থিত থকাৰ বাবে ED য়ে জাননী প্ৰেৰণ কৰিছিল যদিও পুনৰ কৰণা পজিটিভ হোৱা বাবে জেৰাত উপস্থিত নেথাকিল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী । তাৰপিচতে আজিৰ তাৰিখ জেৰাৰ বাবে ধাৰ্য কৰি জাননী প্ৰেৰণ কৰা হৈছিল কংগ্ৰেছ নেত্ৰী গৰাকীলৈ ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here