ভূপেন দাক স্মৰণ কৰি-“মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ…….”
শিল্পী গঢ়িব নোৱাৰি। শিল্পী জন্ম হয়। হাজাৰ বাধা- বিঘিনিয়ে শিল্পীৰ সৃজনশীল মনক বা সৃজনী শক্তিক বাধা দি ৰাখিব নোৱাৰে।
সেয়ে ভৌগোলিক সীমাৰেখা পাৰহৈ বিশ্বৰ সৈতে মিলি যোৱা এজন শিল্পী, এজন গীতৰ খনিকৰ Dr Bhupen Hazarika.
কোনোবাই তেওঁৰ শিক্ষাৰ ওপৰত প্ৰশ্ন তুলিছিল, কোনোবাই আকৌ চৰিত্ৰৰ ওপৰত। কোনোবাই তেওঁক সমালোচনাৰে ইমানেই ব্যতিব্যস্ত কৰিছিল যে শেষত তেওঁ অনিচ্ছা সত্ত্বেও আই অসমীক এৰি অন্য ঠাইলৈ গুচি গৈছিল। তথাপিয়ো তেওঁৰ সৃষ্টি অনিৰুদ্ধ গতিত চলি থাকিল।
সমালোচনাৰ অগনিৰে পুৰি-“মোকো কৰা উন্নত…….”
আজি বহুতেই লিখিব তেওঁৰ বিষয়ে। বাৰে বাৰে লিখিব। অতীতে লিখিছিল, বৰ্তমানে লিখিছে! ভবিষ্যতেও লিখিব তেওঁৰ কথা ।
কিন্তু বাৰে বাৰে সলনি হ’ব ,তেওঁৰ কথা- যিদৰে সলনি হয় সংস্কৃতি, যিদৰে সলনি হয় সভ্যতা, সেদৰে সলনি হব তেওঁৰ কথাবোৰ। কিন্তু তাৰ মাজতে ৰৈ যাব ভূপেন দাৰ অমৰ সৃষ্টিবোৰ।
সেইবোৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত লিপিবদ্ধ হৈ ৰ’ব।
“কাষতে কলচী লৈ যাই ঐ ৰচকী বাই ( ১৯৩৬ চনত কলিকতাত )- বুলি আৰম্ভ কৰা শিশু ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম মূহুৰ্তত গোৱা সেই…

” আন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়,জেউতি নিজৰাৰে ধাৰ,জিলিকাব লুইতৰে পাৰ “
সেই সপোন আজি সাৰ্থক হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ সৃষ্টিৰ কঠিয়া সিঁচি আকৌ এবাৰ উভতি আহি লুইতৰ পাৰত বিশ্ৰাম লভিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাটিতেই এটি জেউতি হৈ জিলিকি আছে।
তেওঁৰ জীৱনী শক্তিৰে তিল তিলকৈ গঢ়িলে তেওঁৰ ভাষা-সংস্কৃতি, সুৰ-সংগীত । তেওঁ সম্পাদনা কৰা – শিল্পীৰ পৃথিৱী, গতি, আমাৰ প্ৰতিনিধি, প্ৰতিধ্বনি, বিন্দু আদিত প্ৰকাশ কৰি গৈছে তেওঁৰ সাহিত্যৰ পৰিচয়।
“স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰসাৰ বৃষ্টিৰ প্লাৱন আনে “- বুলি গাই ঢালি দিছিল তেওঁৰ স্নেহ, মমতা আৰু দেশৰ প্ৰতি ভালপোৱা।
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
তেনে মৃতক নহ’লো মই কিয়……
কাৰ এনে সাধ্য আছে, সেই বিশাল ব্যক্তিত্বক কলমেৰে এটা-দুটা পাতত আবদ্ধ কৰাৰ? তথাপিয়ো লিখব লাগিব। ভূপেন দা অসমীয়াৰ গৌৰৱ। ভূপেন দা অসমীয়াৰ অহংকাৰ।

আস্থা হীনতাৰ বিপৰীতে ভূপেন দা এক গভীৰ আস্থা
লক্ষ্মীনাথ বেজবৰুৱাৰ পৰাই জ্যোতি-বিষ্ণুৰ সান্নিধ্যত বৃদ্ধি হৈ সংগীত নাটক একাডেমীৰ সভাপতি হোৱা ড০ ভূপেন হাজৰিকাই চিনেমা পৰিচালনা কৰি, সংগীত পৰিচালনা কৰি ১৯৯৩ চনত দাদা চাহেব ফাল্কে বঁটা পোৱাটো অসমীয়াৰ বাবে অন্য এক অহংকাৰ।
Read more–মানুহৰ ইচ্ছা
“জোনাকৰে ৰাতি অসমীৰে মাটি”ত মহান সাধক ড৹ ভূপেন হাজৰিকাই সৃষ্টি কৰি থৈ গ’ল সংগীতৰ স্বৰ্ণযুগৰ। মাটিৰ পৰা আকাশলৈ উৰাৰ যি হেঁপাহ তাৰ জলন্ত প্ৰমাণ গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, কথাছবি নিৰ্মাতা, লিখক আৰু বহুতো -ড৹ ভূপেন হাজৰিকা ।
” মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচন্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি “
এই যুক্তিৰে তেওঁ বাৰে বাৰে অসমীয়াক সকীয়াই থাকিল-
” আহ আহ ওলাই আহ সজাগ জনতা,
আহ আহ ওলাই আহ পোহৰ আনোতা!”
তেওঁৰ আহ্বান শুনাহেঁতেন হয়তো আজি “আকৌ শৰাইঘাট” -বুলি চিঞৰিব নালাগিলহেঁতেন ।
“সূৰ্য্য উদয় যদি লক্ষ্য আমাৰ
সূৰ্য্যাস্তৰ পিনে ধাৱমান কিয় ”
তথাপিয়ো “আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান”।
Dr. Bhupen Hazarikaৰ যাযাবৰী জীৱন, অৰ্থাৎ গীতিকাৰৰ জীৱনৰ আৰম্ভণি ঘটে ১৯৩৭ চনত তেজপুৰৰ পৰা , হাইস্কুলৰ ছাত্ৰ হৈ থাকোঁত “কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান” – বুলি ।
তাৰ পিছতে ১৯৩৯ চনত “অ মইনা কেতিয়া আহিলি তই”- গীতত সুৰ আৰোপ কৰি সুৰকাৰ হৈছিল মাত্ৰ ১৩ বছৰ বয়সত। তাৰ পিছত তেওঁৰ জিৰণি নাই ।
সেই ইন্দ্ৰমালতীৰ পৰা গজগামিনীলৈ তেওঁ সংগ্ৰহ কৰা সন্মানবোৰ আই অসমীৰ বাবে শিল্পীজনৰ সশ্ৰদ্ধ প্ৰণিপাত হিচাপে চিহ্নিত হৈ ৰ’ব!

” লুইতৰে বহল পাৰত প্ৰণিপাত কৰোঁ ,জন্ম ল’লো ইয়াতেই ইয়াতে যেন মৰোঁ” – এইয়া তেওঁৰ দেশলৈ অগাধ প্ৰেমৰ স্বাক্ষৰ । অসমীয়াই তেওঁক যিমানেই ককৰ্থনা নকৰক, গালি নাপাৰক, অসমবাসীৰ বাবে তেওঁৰ হিয়াৰ টান সদায়ে আছিল।
” ভাৰত ৰত্ন ” ভূপেন দাৰ বাবেই অসমীয়া জাতিটো বিশ্বৰ দৰবাৰত পৰিচিত হৈছে । ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত উদয় হোৱা সংগীত সূৰ্য্য পদ্মশ্ৰী ড৹ ভূপেন হাজৰিকাই ২০১১ চনৰ ৫ নবেম্বৰলৈ যি শিল্পীৰ পৃথিৱী সৃষ্টি কৰি থৈ গ’ল সেয়া অতুলনীয়।
বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ভূপেন দা কণ্ঠেৰে-
নানা জাতি উপজাতি
ৰহণীয়া কৃষ্টি আকোঁৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ
আৰু মনবোৰো ভাঙি ছিঙি যাব।
আমাৰ চিৰন্তন আশা – ভূপেন দাৰ অমৰ সৃষ্টিয়ে তেওঁক জীয়াই ৰাখিব। স্বৰ্গত ঠাই লোৱা ভূপেন দালৈ অসমীয়া জাতিৰ হৈ তেওঁৰ জন্মদিনৰ এয়া শ্ৰদ্ধাঞ্জলি।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ