Thursday, March 30, 2023
HomeAssameseD Companyৰ বিৰুদ্ধে এক্সন NIA ৰ

D Companyৰ বিৰুদ্ধে এক্সন NIA ৰ

D Companyৰ বিৰুদ্ধে এক্সন NIA ৰ

National Investigation Agency চমুকৈ NIA য়ে আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহীমৰ বিৰুদ্ধে আৰম্ভ কৰিছে এক্সন । আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহীম সহ ডি কম্পেনীৰ লগত জড়িত লোকৰ খবৰ দিওতালৈ ঘোষণা কৰিছে মোটা অংকৰ পুৰস্কাৰ ।
পলাতক দাউদ ইব্ৰাহীম সহ দাউদৰ ৫ সহযোগীৰ বিৰুদ্ধে ঘোষণা কৰিছে পুৰস্কাৰ ।
NIA য়ে দাউদ ইব্ৰাহীম বিৰুদ্ধে ২৫ লাখ আৰু দাউদৰ কণিষ্ট ভাতৃ চাকিলৰ বিৰুদ্ধে ঘোষণা কৰিছে ২০ লাখ টকাৰ পুৰস্কাৰ ।

NIA ঘোষণা কৰিলে পুৰস্কাৰ —

দাউদ ইব্ৰাহীম –২৫ লাখ

চোটা চাকিল — ২০ লাখ

আনিস ইব্ৰাহীম — ১৫ লাখ

জাবেদ চিকনা– ১৫ লাখ

টাইগাৰ মেমন–১৫ লাখ

উল্লেখ্য যে , NIA য়ে চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত মুম্বাইত এক গোচৰ ৰুজু কৰিছিল । IPC ৰ ১২০(খ) আৰু UAPA ৰ ১৭ , ১৮ ,২০ , ৩৮ আৰু ৪০ ধাৰাৰ জৰিয়তে গোচৰ ৰুজু কৰিছিল এই পাচ গৰাকী পলাতক অপৰাধীৰ বিৰুদ্ধে ।
NIA য়ে প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে যে দাউদ ইব্ৰাহীমে সন্ত্ৰাবাদৰ আন্তৰাষ্ট্ৰীয় নেটৱৰ্ক চলাই আহিছে , লগতে অবৈধ অস্ত্ৰৰ ব্যৱসায় , অবৈধ দ্ৰাগছৰ ব্যৱসায় , মানী লণ্ড্ৰিং , আণ্ডাৰৱৰ্ল্ড চিণ্ডিকেটো চলাই আহিছে ।
ভাৰতৰ লগতে আন বহু দেশত উগ্ৰপন্থী কাৰ্যকলাপ চলাই অহা লস্কৰ-এ-তৈবা , জৈছ-এ-মহম্মদ আৰু আল কায়ডাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰে জড়িত দাউদ ইব্ৰাহীম ।
দাউদ ইব্ৰাহীম ভাৰতৰ মোষ্ট ৱাণ্টেড আণ্ডাৰৱৰ্ল্ড ডন । ভাৰত দাউদৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু হৈ আছে । দাউদ উব্ৰাহীম ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিষ্ফোৰণত জড়িত আছিল ।

NIA য়ে জাৰি কৰিছে নম্বৰ

D Company ৰ এই পাচ অপৰাধীৰ সম্পৰ্কত খবৰ দিবলৈ NIA জাৰি কৰিছে টেলিফোন নম্বৰ ।

NIA মুখ্য কাৰ্যলয় – 011-24368800

Whatsapp /Telegram – 8585931100

মুম্বাইৰ NIA কাৰ্যলয়- 022-23550650/ 23550660

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments