Codepilot Technologies ৰ বন্যাৰ্তক সাহাৰ্য্য সামগ্ৰী বিতৰণ
বানপানী ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে অসমত । ৰাজ্য খনৰ বিভিন্ন অঞ্চল আজিও পানীৰ তলত । এটুপি খোৱা পানী এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানবিধ্বস্ত অঞ্চলৰ জনতাই ।
এনে দুৰাৱস্থাৰ মাজতে একাংশ সুহৃদ ব্যক্তি তথা সংগঠন , প্ৰতিষ্ঠান আগবাঢ়ি জনতাক সহায়ৰ হাত আগবঢ়াবলৈ ।
গুৱাহাটী স্থিত থলুৱা প্ৰতিষ্ঠান Codepilot Technologies য়েও এই বিপদৰ সময়ত হাত সাৱটি বহি নেথাকিল । আৰ্তজনক সহায়ৰ আগবাঢ়ি আহিল Codepilot Technologies . নলবাৰী বৰপুল্লাৰ চেপন গাওঁত প্ৰতিষ্ঠানটোৱে বন্যাৰ্তক আগবঢ়ালে সাহাৰ্য্য সামগ্ৰী । খোৱা পানী , খাদ্যসামগ্ৰী বিতৰণ কৰিলে বন্যাৰ্তৰ মাজত । প্ৰতিষ্ঠানটোৰ এনে মহানুভৱতাৰ শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ।
News Desk , Ne India News