Clean অৰুণাচল’ৰ আৰ্হিত ব্যৱস্হা লওক অসম চৰকাৰ তথা জাতীয় সংগঠনসমূহে

0
1041

NE INDIA: বিদেশী মুক্ত অসম গঢ়াৰ যি সপোন অসমবাসীৰ ৰাইজৰ মাজত অতীতৰ পৰা আছিল তাৰ আজিৰ উচিত সময় আহি পৰিছে অসমবাসীৰ মাজত । NRC খচৰাই ইতিমধ্যে প্ৰমাণ কৰি দিলে যে, এতিয়াও অসমত বহু সন্দেহযুক্ত বাংলাদেশীয়ে বসবাস কৰি আছে । সেইসকলে বিনা অনুমতিত অসমত প্ৰৱেশ কৰি অসমত বসবাস কৰাৰ অপৰাধত অসম চৰকাৰ তথা জাতীয় সংগঠনসমূহে সিহঁতক তৎকালীন ভাৱে অসমৰ পৰা বহিস্কাৰ কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিব লাগে । আজিৰ যি দৰে অসমৰ নিচেই দাঁতি কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চৰকাৰ তথা ছাত্ৰ সংগঠনসমূহে ব্যৱস্হা হাতত লৈছে । তেওঁলোকে যি বিদেশীমুক্ত অৰুণাচল প্ৰদেশ গঢ়াৰ পদক্ষেপ ‘Clean অৰুণাচল’ লৈ অভিযান চলাইছে, সেই কাৰ্য সঁচাই মহত্তপূৰ্ণ । তেওঁলোকে ঘৰে ঘৰে, চুকে চুকে নিজেই গৈ বিদেশী চিনাক্তকৰণ কৰা লগতে নিজ ৰাজ্য পৰা বিদেশীসমূহক বহিস্কাৰ কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিছে । তেনেদৰে অসমত কি সেই ব্যৱস্হা গ্ৰহণ কৰিব পৰা নাযাব, অসম চৰকাৰ তথা জাতীয় সংগঠনসমূহে । নে বিদেশী সকলৰ বাবে অসম এতিয়াও মুক্ত বিচৰণস্হলী হৈ আছে বা আগলৈও হৈ ৰব । দেখা গৈছে অৰুণাচল চৰকাৰে যি সকল বিদেশী বা ILP নোহোৱা ব্যক্তিক অৰুণাচল প্ৰদেশৰ পৰা বহিস্কাৰ কৰি অসমত এৰি দিছে । সেইসকল ব্যক্তিৰ বাবে অসমখন হৈ পৰিছে একমাত্ৰ মুক্ত বিচৰণস্হলী । তেওঁলোকে মুক্ত মনে অসমত বিচৰণ কৰি ফুৰিছে । কোনে কব পাৰিব, সেই সকল ব্যক্তি অসমতে ৰৈ যাব নৈ নিজ দেশলৈ ঘুৰি যাব । তাৰ ব্যৱস্হা কোনে কেতিয়া ল’ব ? নিজৰ মাতৃভূমি কথা আজিৰ আমি নিজেই চিন্তা কৰিব লাগিব । অসমত থাকি আমি, অসমীয়া বুলি বুকু ফিন্দাই কোৱা লগতে অসমীয়া বীৰত্বও প্ৰদৰ্শন কৰিব পাৰিব লাগিব । তেতিয়াহে আজিৰ অসমীয়াই আই মাতৃৰ সন্মান  ৰাখিব পাৰিছে বুলি নিশ্চিত ভাৱে কব পৰা যাব । অসম অসমীয়া বাবে, অসম কোনো বাংলাদেশী বা বিদেশীৰ বাবে নহয় । অসমত অসমীয়াই সকলো স্হানতে পাব লাগিব প্ৰথম স্হান তথা প্ৰথম অধিকাৰ । অসমখন গঢ় লৈ উঠিছে অসমীয়া তেজ-মঙহ তথা কঠোৰ পৰিশ্ৰমৰ বলেৰে । কোনো সন্দেহযুক্ত বাংলাদেশী বা বিদেশী তেজ মঙহেৰে নহয় । এই কথা আজিৰ অসমৰ প্ৰতিজন অসমীয়াই ভাৱি-চিন্তি এক উচিত তৎকালীন সিদ্ধান্ত ল’ব লাগে বাংলাদেশী তথা বিদেশী বহিস্কাৰ কৰণৰ ওপৰত । যেনে ধৰণে আজিৰ অৰুণাচল প্ৰদেশৰ চৰকাৰে ব্যৱস্হা গ্ৰহণ কৰিছে ।

গোলাপ চাংমাই
প্ৰাক্তন ছাত্ৰ-
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here