CCTV কেমেৰাত বন্দী মোবাইল চুৰি কাণ্ড

10

CCTV কেমেৰাত বন্দী মোবাইল চুৰি কাণ্ড

মঙ্গলদৈৰ এখন ব্যক্তিগত নাৰ্ছিং হ’মৰ পৰা চোৰে চুৰ কৰিলে মোবাইল।
চুৰিকাণ্ডৰ সম্পূৰ্ণ দৃশ্য বন্দী CCTV কেমেৰাত।
মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা দেৱচঞ্চ নাৰ্চিং হ‌’মৰ কৰ্তব্যৰত নাৰ্ছ জুৰিমা বৰাৰ মবাইল এটা শুকুৰবাৰে চোৰ এটাই চেম্বাৰত কোনো নথকাৰ সুযোগ চুৰি কৰে। জুৰিমা বৰাই মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে, মঙ্গলদৈ চহৰ এতিয়া সঘনাই মোবাইল,মটৰ চাইকেল,এ টি এম কে চুৰি আৰু দ্ৰাগছ ৰ ঘাটিত পৰিণত হৈছে।
আৰক্ষী প্ৰশাসনে এনেবোৰ কাণ্ড হৈ থকাৰ পিছতো পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যণীয় হব ।

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here