CBSE পৰীক্ষাত ১০০ শতাংশ নম্বৰেৰে উজ্জ্বলিল বুলান্দচহৰৰ তান্যা

7

CBSE পৰীক্ষাত ১০০ শতাংশ নম্বৰেৰে উজ্জ্বলিল বুলান্দচহৰৰ তান্যা

আজি শুক্ৰবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ CBSE-য়ে ঘোষণা কৰিলে দ্বাদশ শ্রেণীৰ ফলাফল। এই ফলাফল CBSE-ৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হৈছে। এই ফলাফল স্বৰূপে উত্তৰ প্রদেশৰ বুলান্দচহৰৰ জীয়ৰী তান্যা সিঙে সমগ্ৰ দেশৰ ভিতৰতে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ৫০০-ৰ ভিতৰত সম্পূৰ্ণ ৫০০ নম্বৰ লাভ কৰি তান্যা সিঙে দেশত নিজৰ নাম উজ্জ্বলোৱাৰ লগতে নিজৰ চহৰখনৰ নামো উজ্জ্বলাবলৈ সক্ষম হৈছে। তান্যা সিঙ দিল্লী পাব্লিক স্কুলৰ শিক্ষাৰ্থী।

উল্লেখযোগ্য যে ছাত্রীসকলে পুনৰ ছাত্ৰসকলক পিছ পেলাই উন্নত ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হৈছে CBSE-ৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাত। এই কথাৰ প্রমাণ দিলে আজি ঘোষিত হোৱা ফলাফলে। ২০২২ বৰ্ষৰ CBSE পৰীক্ষাত উত্তীর্ণ ছাত্রৰ হাৰ ৯১.২৫℅ আৰু তাৰ পৰিৱৰ্তে ছাত্রীৰ উত্তীৰ্ণৰ হাৰ ৯৪.৫৬℅।
মেধাৱী ছাত্রী ঘ্ৰিতাচী গুপ্তাই উক্ত ঘোষিত CBSE পৰীক্ষাত ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি বিজনৌৰ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আজি ঘোষিত CBSE পৰীক্ষাৰ ফলাফল স্বৰূপে ৩৩ হাজাৰতকৈ অধিক শিক্ষার্থী ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰাৰ লগতে ১ লাখ ৩৪ হাজাৰৰো অধিক শিক্ষার্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে টুইটাৰ যোগে উত্তীৰ্ণ সকলো শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে আৰু শিক্ষাৰ্থীসকলৰ পৰিশ্ৰমৰ সলাগ ল’য়।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here