Breaking-বৰপেটাত বিস্ফাৰকসহ ,জেহাদীৰ সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ

15

বৰপেটাত বিস্ফাৰকসহ, জেহাদীৰ সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ 

বৰপেটাত বিস্ফাৰকসহ জেহাদী সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ ৷

বৰপেটাৰ হাউলীৰ উত্তৰ কালঝাৰত আৰক্ষীৰ অভিযানত জেহাদী সন্দেহত গ্ৰেপ্তাৰ দুই যুৱক ৷

ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম ৷

ইপিনে ধৃত মোকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ বাগিছাৰ পৰা হস্তনিৰ্মিত তিনিটা বোমা, ইলেক্ট্ৰ’নিক ডিটেনেটৰ তিনিটা আৰু এক্সক্ল’ছিভ নিঅ’জেন নাইনটিন চাৰিটা আৰু ৫টা মোবাইল জব্দ কৰে আৰক্ষীয়ে ৷

লক্ষ্যণীয়ভাৱে ধৃত দুই যুৱক সম্পৰ্কত ভিনিহিয়েক আৰু খুলশালীয়েক ৷

আজি পুৱতি নিশা বৰপেটা সদৰ থানাৰ ডিএছপি সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেত়ৃত্বত হাউলী আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ কৰে ৷

লক্ষ্যণীয়ভাৱে ধৃত ছফিকুল ইছলাম পূৰ্বে জামাতুল মুজাহিদীন বাংলাদেশ চমুকৈ JMBৰে জৰিত আছিল ৷

JMBৰে জৰিত থকাৰ অভিযোগত ২০১৯ চনত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷

পূৰ্বে JMB ৰে জৰিত ছফিকুল ইছলামে পুনৰ বৰপেটাত জেহাদৰ জাল বিয়পোৱা কাৰ্যত জৰিত থকাৰ সন্দেহ আৰক্ষীৰ ৷

সম্প্ৰতি দুই যুৱকৰ জেৰা অব্যাহত আছে ৷

নিতুল ডেকা, বৰপেটা, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here