দৰং জিলা বজৰং দলৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে বিজেপি নেতাক ৷
বিজেপি কৰ্মী জন দলগাওঁ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেকিবুৰ ৰহমান ।
বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিল বিজেপি নেতা ৰকিবুৰ।
ভগবান ৰাম সীতাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে মঙলদৈ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিলে দলগাঁৱৰ বিজেপি নেতা ৰেকিবুৰ ৰহমানক ।
উল্লেখযোগ্য যে ভগবান ৰামে সীতাক ৬ বছৰ বয়সতে বিয়া কৰাইছিল, প্ৰফেট মহম্মদেও ৬ বছৰীয়া ছোৱালী বিয়া কৰাইছিল, খেলা ড্ৰ । ফেচবুকত এনেদৰেই মন্তব্য কৰিছিল দলগাওঁ গাঁও পঞ্চায়তৰ কাউন্সিলৰ ৰেকিবুৰ ৰহমান।
কেইদিনমান পুৰ্বে বিজেপি নেত্ৰী নুপুৰ শৰ্মাই হজৰত মহম্মদৰ ওপৰত দিয়া মন্তব্যৰ বাবে বিতৰ্কৰ সুত্ৰপাত হৈছিল সমগ্ৰ দেশতে ৷
বিজেপি দলৰ ৰেকিবুৰ ৰহমান ৰাজ্যিক হজ কমিতিৰো সদস্য বুলি জানিব পৰা গৈছে।
News Desk , Ne India News