Breaking – পশ্চিম বংগত ৰাজনৈতিক পট পৰিবৰ্তনৰ ইংগীত মিঠুন চক্ৰৱৰ্তীৰ
পশ্চিম বংগত ৰাজনৈতিক পট পৰিবৰ্তনৰ আজি ইংগীত দিলে অভিনেতা তথা বিজেপি নেতা মিঠুন চক্ৰৱৰ্তীয়ে ।
আজি পশ্চিম বংগ বিজেপিৰ কাৰ্যলয়ত অনুষ্ঠিত এক সংবাদমেলত মিঠুন চক্ৰৱৰ্তীয়ে কয় -” মই মুম্বাইত আছিলো । নিশা শুই উঠি হঠাৎ দেখিলো বিজেপি আৰু শিৱসেনাৰ চৰকাৰ গঠন হল মহাৰাষ্ট্ৰত । এয়া কি হল , এয়া দেখোন পশ্চিম বংগতো সম্ভৱ । মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক পট পৰিবৰ্তন পশ্চিম বংগত হব নোৱাৰে ,এই কথাষাৰ মই মানিব লব নোৱাৰো । ”
অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ দাবী তৃণমুল কংগ্ৰেছৰ ৩৮ গৰাকী বিধায়কে বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰি চলিছে । ইয়াৰ মাজৰ ২১ গৰাকী বিধায়ক পোনপটীয়াকৈ মিঠুন চক্ৰৱৰ্তীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছে ।
বিজেপি নেতা মিথুন চক্ৰৱৰ্তীয়ে সংবাদ মেলত প্ৰকাশ কৰা ধৰণে যদি পশ্চিম বংগত বিসম্বাদ জুই উমি উমি চলিছে , তেন্তে আগন্তুক কেইটামান সপ্তাহত এয়া আগ্নেয়গিৰীৰ ৰুপত দেখা যাব । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সোঁহাত স্বৰুপ পাৰ্থ চেটাৰ্জীৰ দুৰ্নীতিৰ বিযয়টোৱে ইতিমধ্যে বেকফুটলৈ নিছে মমতা বেনাৰ্জীক । দলত যদি ভাঙন আৰম্ভ হয় , তেতিয়া সেই সমস্যাৰ কেনেদৰে মুখামুখি হব মমতা বেনাৰ্জী , এয়া আগন্তুক দিনত লক্ষণীয় হব ।
National Desk, Ne India News