Breaking-চিলাপথাৰৰ জলকীয়াসূতি ত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত দুজন
ধেমাজিৰ চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ জলকীয়াসূতি ত আজি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনা ত থিতাতে নিহত হৈছে দুজনকৈ লোক। অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AR098/6472 নম্বৰৰ বলে’অ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই জলকীয়াসূতিত থকা (ভঙা দলং) ত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনা এগৰাকী মহিলা সহ মুঠ পাচজন লোক আঘাত প্ৰাপ্ত হয় । ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে দুজনৰ ইতিমধ্যে ই মৃত্যু হয় । আৰু বাকী আহত সকলক উন্নত চিকিৎসা ৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ কৰা হৈছে।
বিপুল সোণোৱাল, চিলাপথাৰ, Ne India News