World wrestling entertainment চমুকৈ WWE ৰে জনপ্ৰিয়তা অৰ্জন কৰা পালোৱান দা গ্ৰেট খালী ওৰফে দিলিপ সিং ৰাণাই যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত । দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ বহু কেইগৰাকী নেতাৰ উপস্থিতিত দলটোত যোগদান কৰে জনপ্ৰিয় পালোৱান গৰাকীয়ে । বৃহস্পতিবাৰে দিনৰ এক বজাত অনুষ্ঠিত হৈছিল যোগদান কাৰ্যসুচী । বিজেপি দলৰ নীতি আদৰ্শ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যপদ্ধতিত আকৰ্ষিত হৈয়ে বিজেপিত যোগদান কৰিলে বুলি মন্তব্য দা গ্ৰেট খালীৰ । দা গ্ৰেট খালীৰ বিজেপিত যোগদানে দেশৰ নৱপ্ৰজন্মক দলটোৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মন্তব্য কৰে বিজেপি নেতা জীতেন্দ্ৰ সিঙে ।