Sunday, May 28, 2023
HomeAssameseBJP চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে কাজিৰঙাত কেবিনেট সতীৰ্থসকল , মিত্ৰজোঁটৰ ...

BJP চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে কাজিৰঙাত কেবিনেট সতীৰ্থসকল , মিত্ৰজোঁটৰ বিধায়কসকলৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে শুক্ৰবাৰে কাজিৰঙাত কেবিনেট সতীৰ্থসকল ,ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বিধায়কসকলৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যৰ সকলো শ্ৰেণীৰ কল্যাণৰ লক্ষ্যৰে চৰকাৰী আঁচনিসমূহৰ দক্ষ আৰু ক্ষিপ্ৰ ৰূপায়ণৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ,চৰকাৰৰ ৰণনীতিৰ বিষয়ে আলোকপাত কৰিবলৈ এক দিনজোৰা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীয়ে ।মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমৰ জনসাধাৰণক আশ্বাস দিয়াৰ লগতে কেবিনেট সতীৰ্থসকলৰ আৰু অসম বিধানসভাৰ প্ৰতিনিধিসকলে অসমক দেশৰ ভিতৰতে সকলো ক্ষেত্ৰতে আগৰণুৱা কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিব আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।বৈঠকত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীঅজয় জামৱালৰ লগতে উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , মন্ত্ৰী অতুল বৰা , কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।

News Desk report , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments