ASTC ৰ অবৈধ নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্ত নিৰ্দেশ

10

ASTC ৰ অবৈধ নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্ত নিৰ্দেশ

অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ নিযুক্তি। এক দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমত । ASTC ত অবৈধ ভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীলৈ বৰ্খাস্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৬০দিনৰ ভিতৰত বৰ্খাস্ত নিৰ্দেশ ৰাজ্য চৰকাৰৰ। মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী দিনতে নিযুক্তি লাভ কৰিছিল এই সকল কৰ্মচাৰীয়ে। বিগত ৩ বছৰে ২,২৭৪ গৰাকী কৰ্মচাৰীয়ে অবৈধ ভাৱে লাভ কৰি আহিছিল দৰমহা। ইয়াৰ পিছতে যোৱা ২৭ জুনত পৰিবহন নিগমৰ পৰিচালক সঞ্চালক ৰাহুল দাসৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিছতে অবৈধ নিযুক্তি প্ৰক্ৰিয়াত জড়িত বিষয়া সকলক কাৰণ দৰ্শোৱাৰ পত্ৰ প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ লগতে দোষী বিষয়া সকলক বিহিত ব্যৱস্থাৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কোনে কোনে ধন লৈছিল আৰু এই ধনৰ ভাগ কোনে কোনে লাভ কৰিছিল। পূৰ্বৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ব্যক্তিগত সহায়ক দ্বীপজ্যোতি দাসে প্ৰায় ৭০ জনীয়া তালিকা দিছিল আৰু এই ৭০ জনীয়া তালিকাৰ প্ৰায় কেইবাগৰাকীয়ে নিযুক্তি লাভ কৰিছিল। সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ হৈছে গতিকে তদন্ত প্ৰক্ৰিয়াৰ শেষত পোহৰলৈ আহিব কিমান জনৰ চাকৰি থাকিব আৰু কিমান জনৰ চাকৰি যাব।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here