গুৱাহাটীত APW ৰ সভাপতি আভিজিত শৰ্মাৰ সংবাদ মেলৰ পিছত দুটা পৰিয়ালৰ মাজত কান্দোনৰ ৰোল ৷
আলফাই সঁচাই মৃত্যুদণ্ড বিহিলে নেকি শদিয়াৰ ৰঞ্জিত বাগ আৰু ডাঙৰীৰ শংকৰ সোনোৱালক ?
ৰঞ্জিত বাগৰ ঘৰ শদিয়াৰ দেওপানী খ্ৰীষ্টান গোহাই গাঁৱত ৷
এইখন ঘৰৰ পৰাই নিজৰ পত্নীৰ সৈতে কাজিয়া কৰি ওলাই গৈছিল ৰঞ্জিতে ৷
তাৰপিছত পিটাৰ বাগ আৰু লুদীয়া বাগৰ দ্বিতীয় সন্তান ৰঞ্জিতে ২০১১ চনত আলফাত যোগদান কৰে ৷
নিজৰ গৰ্ভৱতী পত্নী জয়ন্তী তাঁতীক এৰি আলফালৈ ঢাপলি মেলিছিল ৰঞ্জিতে ।
এতিয়া সেই সন্তানৰ পখিলা খেদাৰ বয়স ৷ কিন্তু বৰ্তমান সন্তানটোৰ কাষত মাক-দেউতাক কোনোৱেই নাই ৷ মাকে পেটৰ তাড়নাত পৰি পুত্ৰৰ পঢ়াৰ খৰছ বহন কৰিবলৈ বহিৰাজ্যত কাম কৰিবলৈ গুছি গ’ল । এতিয়া পিতৃ-মাতৃৰ মৰমৰ অবিহনে শৈশৱ কটাইছে শিশুটোৱে৷
নিজৰ পুত্ৰ আৰু ককায়েকৰ স্মৃতি সুঁৱৰি উচুপি উঠিল ৰঞ্জিতৰ মাতৃ আৰু ভাতৃয়ে ৷
ভাতৃয়ে হুকহুকাই কৈছে দাদাই মোক বহুত মৰম কৰছিল , মোৰ বন্ধুৰ দৰে আছিল ৷
জানিব পৰা মতে শদিয়াৰ অমৰপুৰত থকা আলফাৰ যুদ্ধ বিৰতি গোটৰ কেম্পত জিতেন দত্তৰ টীমৰ সৈতে একেলগে থাকি কাম কৰিছিল ৰঞ্জিতে ৷ তাৰ পাছতেই হঠাৎ এদিন নিৰুদ্দেশ হৈছিল ৰঞ্জিত বাগ ৷
২০১৩ চনত ৰঞ্জিত বাগক আলফাৰ টাগা শিৱিৰত দিয়া হ’ল নেকি মৃত্যুদণ্ড ?
তেওঁৰ লগত পলাবলৈ চেষ্টা কৰোতে আৰু বহুকেইজন কেডাৰক হত্যা কৰিছিল আলফাই ৷
কিন্তু কিয় দিয়া হ’ল ৰঞ্জিত বাগক এই মৃত্যুদণ্ড ? সেই কথা এতিয়াও অস্পষ্ট ৷
কি ভুল আছিল ৰঞ্জিতৰ ? পৰিয়ালৰ প্ৰশ্ন ? প্ৰকৃত তথ্য বিচাৰি পৰেশ বৰুৱালৈ আহ্বান পৰিয়ালৰ ৷
আনহাতে গুৱাহাটীত APW নামৰ সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই এখন সংবাদ মেলত আলফাই হত্যা কৰা বুলি অভিযোগ কৰি বহুকেইজন যুৱকৰ নাম উল্লেখ কৰিছে ৷ তাৰ ভিতৰত আছে ২০১৩ চনত শদিয়াৰ ৰঞ্জিত বাগ আৰু ডাঙৰীৰ শংকৰ সোনোৱাল ওৰফে অয়ন অসম ৷
ইয়াৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে ৰঞ্জিত বাগৰ পৰিয়ালৰ লগতে ডাঙৰীৰ শংকৰ সোনোৱালৰ পৰিয়ালত ৷
শংকৰ সোনোৱালৰ মাতৃয়ে প্ৰশ্ন কৰিছে অভিজিত শৰ্মাক এই তালিকা ক’ত পালে ?
কিমান সত্য এই তালিকা ? সঁচাকৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিৰ্দেশত হত্যা কৰা হ’ল নেকি যুৱক দ্বয়ক ?
বিভিন্ন সময়ত আৰক্ষী আৰু সেনাই ডাঙৰীৰ ৺বিপুল সোনোৱাল আৰু বহাগী সোনোৱালৰ পুত্ৰ শংকৰ সোনোৱালে অয়ন অসম নামেৰে আলফাত যোগদান কৰা বুলি পৰিয়ালক জানিবলৈ দিয়াৰ কথা আমাৰ আগত ব্যক্ত কৰে ৷
শংকৰ সোনোৱালৰ পৰিয়ালে পূৰ্বতেও বিভিন্ন সময়ত বিভিন্ন প্ৰচাৰ মাধ্যমৰৰ জড়িয়তে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰা সঠিক উত্তৰ বিছাৰিছিল ৷ কিন্তু কোনো ধৰনৰ প্ৰতিক্ৰিয়া লাভ নকৰিলে ৷
অভিজিত শৰ্মাৰ সংবাদ মেলৰ পাছত পুনৰ ঘটনাৰ প্ৰকৃত সত্যতাৰ ওপৰত কান্দি কান্দি পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰন বিছাৰিছে শংকৰ সোনোৱালৰ মাতৃয়ে ৷
শংকৰ সোনোৱালৰ মাতৃয়ে কান্দি কান্দি পৰেশ বৰুৱালৈ প্ৰশ্ন কৰিছে “মোৰ লৰাটোক কিয় মাৰি পেলালি ঔ, কি দূখ কৰিছিলে মোৰ লৰাটোৱে” ?
এতিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কি উত্তৰ দিয়ে সেইয়া লক্ষ্যণীয় হ’ব ৷
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News