APDCLৰ আজৱ কাণ্ড ! বিদ্যালয়ৰ কাষত উন্মুক্ত ট্ৰাঞ্চফৰ্মাৰ
তিনিচুকীয়া জিলাৰ মাকুমৰ এখন প্ৰাথমিক বিদ্যালয় । বিদ্যালয়ৰ কাষতে এটি উন্মুক্ত বিদ্যুৎৰ ট্ৰাঞ্চফৰ্মাৰ, কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা ।
ট্ৰাঞ্চফৰ্মাৰটো আৱৰা নাই কোনো ধৰণৰ ফেঞ্চিংৰে । ট্ৰাঞ্চফৰ্মাৰ টোৰ কাষেৰে প্ৰতিদিনে পাৰ হৈ যায় কণ কণ ছাত্ৰ-ছাত্ৰী,লগতে পাৰ হৈছে অভিভাৱক বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় লোক।

স্থানীয় ৰাইজে বহুবাৰ অভিযোগ দিছে, কিন্তু কানসাৰ নাই বিদ্যুৎ বিভাগৰ ।
ৰাইজৰ সকিয়নি যদি ভবিষ্যতে কোনো ধৰণৰ বিপদ হয় তেন্তে সম্পূৰ্ণ ঘটনাৰ দায়িত্ব ল’ব লাগিব বিদ্যুৎ বিভাগে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News