লাহোৱাল সমষ্টিৰ চাহ বাগিচাত এম্বুলেন্স বিতৰণ

63

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক উন্নত আৰু সুলভ স্বাস্থ্য সেৱা প্ৰদানৰ দিশত সদা প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰচাৰ চলায় শাসকীয় দল বিজেপিয়ে। দেওবাৰে চাহ বাগিচা অঞ্চলত বাস কৰা লোকৰ সুবিধাৰ্থে লাহোৱাল সমষ্টিৰ ২৬খন চাহ বাগিচাত ২৬খন এম্বুলেন্স আনুষ্ঠানিকভাৱে বিতৰণ কৰে। চাহ বাগিচা অঞ্চলৰ চিকিৎসালয়সমূহৰ আধুনিকীকৰণৰ লগতে বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতিখন চাহ বাগিচাক পানী যোগান আঁচনি প্ৰদান কৰিব। চাহ বাগিচা অধ্যুষিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে জাতিগত প্ৰমাণপত্ৰ জাৰি কৰা প্ৰক্ৰিয়াটোও সৰলীকৰণ কৰিব। তদুপৰি দেওবাৰৰ অনুষ্ঠানত উপস্থিত থাকি অৰুণোদয় আঁচনিৰ অধীনত লাহোৱাল সমষ্টিৰ আৰু অধিক ৬,০০০ হিতাধিকাৰী অন্তৰ্ভুক্তকৰণ, ৰহমৰীয়াৰ বান-খহনীয়া সমস্যা সমাধান, বুঢ়ীদিহিং বান ব্যৱস্থাপনা প্ৰকল্পৰ ত্বৰান্বিতকৰণৰ কথাও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here