AIUDF ৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ বিৰুদ্ধে বিক্ষোভ দক্ষিণ শালমাৰা-মানকাচৰ বাসীৰ

0
444

AIUDF ৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ বিৰুদ্ধে বিক্ষোভ দক্ষিণ শালমাৰা-মানকাচৰ বাসীৰ

বিগত দুদিন ধৰি AIUDF ৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ এটা ফেছবুক পোষ্টক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দক্ষিণ শালমাৰা মানকাচৰত। বিভিন্ন জনে বিভিন্ন কমেন্ট কৰা পৰিলক্ষিত হৈছে। জাঙুৰ খাই উঠিছে সচেতন মহল।

উল্লেখ্য যে AIUDF দলৰ ৰাজধানী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ মেৰুদণ্ড দক্ষিণ শালমাৰা বিধানসভা সমষ্টি এলেকাৰ টুমনিত হ’ব লগীয়া জিলা কাৰাগাৰ খন স্থান্তৰিত কৰি মানকাচৰ সমষ্টিৰ বাঘাপাৰাত তথা আমিনুল ইছলামৰ নিজা গাৱঁ এলেকাত লৈ যোৱাক লৈ ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল আমিনুল ইছলামে। আৰু তাৰ পিছতে ছছিয়েল মেডিয়াত পোষ্টটো ভাইৰেল হৈ পৰে আৰু বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।  ইফালে দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে সচেতন ৰাইজে।

খাইৰুজ্জামান ৰাছেল, হাটশিঙীমাৰী, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here