AAP নহয় পাপ , ভ্ৰষ্টাচাৰৰ বাপ ! AAP ক তীব্ৰ কটাক্ষ BJP ৰ
দিল্লী চৰকাৰৰ আৱকাৰী দুৰ্নীতিক লৈ সমুখ সমৰত আম আদমী পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি । ৰবিবাৰে এক সংবাদ মেলৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াক তীব্ৰ সমালোচনা বিজেপি প্ৰবক্তা গৌৰৱ ভাটিয়াৰ । ভাটিয়াই কয় , AAP নহয় পাপ , দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাপ । লগতে বিজেপি প্ৰবক্তা গৌৰৱ ভাটিয়াই কয় , দিল্লীবাসীক যিয়ে ঠগিছে , সেইসকল কেজৰিৱালৰ আপোন হয় ।
বিজেপি প্ৰবক্তা গৰাকীয়ে কয় , দেশৰ জনতাৰ মাজত চৰ্চা চলিছে , দেশৰ আটাইতকৈ দুৰ্নীতি পৰায়ণ , ভ্ৰষ্টাচাৰী নেতা মণিষ চিচোদিয়া আৰু আম আদমী দল ।
বিজেপি নেতা গৌৰৱ ভাটিয়াৰ AAP দলক প্ৰশ্ন , যদি দিল্লীৰ আৱকাৰী নীতি ইমানেই ভাল আছিল , তেন্তে এই নীতি বাতিল কৰা হল কিয় ?
National Desk, Ne India News