কালাইন ব্লকত অদ্ভুত কাণ্ড ! কম্পিউটাৰৰ পৰা নোহোৱা হল গুৰুত্বপুৰ্ণ তথ্য

0
1048

 

কম্পিউটাৰৰ পৰা বাৰংবাৰ ডিলিট হৈ যায়  MGএনৰেগা আৰু PMAY  মাষ্টাৰৰোল। বিগত তিনি মাহত প্রায় দুই কোটি টকাৰ MR ডিলিট হৈ যোৱা ঘটনাত প্রচণ্ড ক্ষুব্ধ হৈ পৰিছে  কালাইন ব্লকৰ  বিভিন্ন গাওঁ‌ পঞ্চায়তৰ সচেতন নাগৰিক। শনিবাৰে কালাইন ব্লক কার্যালয়ত  কাছাৰ DRDA ৰ পিডি মধুমিতা চৌধুৰীৰ সৈতে সাক্ষাৎ  কৰি এই সংক্রান্তত অভিযোগ জনালে ক্ষুব্ধ নাগৰিকৰ এটা প্রতিনিধি দলে। কালাইন ব্লকৰ BDO আবুল হুছেইনৰ উপস্থিতিতে অনুষ্ঠিত হয় বৈঠক । PMAY, IAY, MGNREGA আচঁ‌নিত বিভিন্ন অনিয়মৰ তথ্য পিডিৰ ওচৰত ডাঙি ধৰে অঞ্চলটোৰ বিশিষ্ট নাগৰিক সকলে । তেওঁ‌লোকে ক্ষোভ  প্রকাশ কৰি কয় ,বাৰংবাৰ কমপিউটাৰৰ পৰা MR ডিলিটৰ ফলত স্তব্ধ হৈ পৰিছে বহু গ্রামোন্নয়নৰ আচঁ‌নি । পিডিৰ ওচৰত তথ্য ডাঙি ধৰি তেওঁ‌লোকে কলে বিগত দুমাহৰ ভিতৰতে ৮৬৫ টা মাষ্টাৰৰোলৰ পৃষ্টা  ডিলিট হৈছে। ইয়াৰোপৰি ১১৬ টা MR পেণ্ডিং হৈ আছে। এই সমুহ তুগলকি কাণ্ড কিয় হৈ আছে পিডিৰ পৰা তাৰ কাৰণ জানিব বিচাৰে লগতে সেয়া সংশোধন নহোৱা পর্যন্ত কালাইন ব্লকৰ যাৱতীয় কামকাজ বন্ধ ৰখাৰ দাবি জনালে নাগৰিক প্ৰতিনিধি সকলে । বিশিষ্ট নাগৰিক সকলৰ মতে কালাইন ব্লকৰ এইসমুহ অনিয়মৰ ফলতেই নেচনেল ৰিচোৰ্চ মেনেজমেন্ট অর্থাৎ NLM এ সফলতা লাভত ব্যৰ্থ হৈছে । MR ডিলিটৰ ফলত জৱকার্ডধাৰী শ্রমিক সকলে ন্যায্য মজুৰিৰ পৰা  বঞ্চিত হৈছে।  পিডিৰ উপস্থিতিতে বিডিও আবুল হুচেইনে MR  ডিলেটৰ ঘটনা অকপটে স্বিকাৰ কৰি কয়,কেনেকৈ এইসমুহ ঘটনা ঘটিছে সেয়া লৈ তেৱোঁ‌ বুবুদ্ধিত ।  এই অপকর্মত কোন জড়িত তেওঁ‌ নিজেও নেজানে বুলি স্বীকাৰ কৰে বিডিওই ।   অভিযোগ কাৰী সকলক সান্তনা দি পিডি মধুমিতা চৌধুৰীয়ে কলে এমআৰ ডিলিটৰ  ঘটনাৰ আৰু পুনৰাবৃত্তি নহয় । ডিলিট এমআৰ ৰ সংক্ৰান্তত পৰৱৰ্তী এক মাহৰ ভিতৰতে  প্রয়োজনীয় ব্যৱস্থা নেওয়া হবে বুলি  প্রতিনিধি দলকে আশ্বস্ত কৰে পিডিয়ে । ইয়াৰোপৰি ইয়াৰ পিচত কোনো এমআৰ ডিলিট হলেই বিডিও সহ  সম্পুৰ্ণ ব্লকৰ কর্মচাৰী সকলৰ  বিৰুদ্ধে আৰক্ষীক  FIR  দিয়া হব বুলি সাৱধানবাণী  শুনাই । পিডিৰ সৈতে হোৱা আলোচনাত উপস্থিত আছিল প্রাক্তন জিলা পৰিষদ সদস্য সূব্রত চক্রৱর্তী,প্রাক্তন এপি সদস্য চাহাজুল ইচলাম বড়ভূঞা ,সমাজসেৱী কনক নাথ,কয়েস আহমেদ বড়ভূঞা ,নিত্যগোপাল দাস,শুক্কুৰ বৈষ্ণৱ,প্রীতম দে,সুকুমাৰ দাস আদি । পৰবর্তী সময়ত প্রতিনিধি দলটোৱে  উপায়ুক্ত এচ লক্ষ্মনৰ সৈতে সাক্ষাৎ কৰি  অভিযোগ উত্থাপন  কৰে আৰু এই বিষয়ত প্রয়োজনীয় ব্যৱস্থা লোৱাৰ দাবি জনাই । এনই ইন্ডিয়াক পিডি মধুমিতা চৌধূৰীয়ে কয় , ব্লকৰ বিডিওৰ লগতে দুই কর্মচাৰী ওচৰত কমপিউটাৰৰ পাচৱোর্ড আছিল । এমআৰ ডিলিট কৰা কামটো এই তিনি কর্মচাৰীৰ মাজৰে কোনোবাই কৰিছে। পিডি য়ে কলে এ সংক্ৰান্তত তদন্ত কৰা হব। প্রয়োজনবোধে আৰক্ষীৰ ওচৰতো গোচৰ দিয়া হব পাৰে। 

https://youtu.be/ZmPG3TvEx8E

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here