সহযাত্ৰী (আঠসত্তৰ)

0
115
সহযাত্ৰী

সহযাত্ৰী (আঠসত্তৰ)

দেশ বিভাজনৰ কুঠাৰঘাত পৰা নাছিল- বাৰ্মা, সিংহল বা গোৱাৰ ওপৰত। সেইদৰে ছিক্কিম, ভূটান বা মালদ্বীপো বাচি গৈছিল। গোৱাত তেতিয়া পৰ্তুগীজৰ নিসংকোচ শাসন। বৃটিছ আৰু পৰ্তুগীজৰ ভিতৰুৱা সদ্ভাৱৰ বাবেই যোৱা প্ৰায় দুশ বছৰত বৃটিছৰ সমান্তৰাল ভাৱে পৰ্তুগালৰ লোকে গোৱা শাসন কৰিব পাৰিছিল। কিন্তু অন্যান্য সাম্ৰাজ্যবাদী দেশবোৰে বৃটিছৰ সৈতে যুঁজ-বাগৰত তিষ্ঠিব নোৱাৰি আগতেই তাৰ পৰা ওলাই গৈছিল।

কিছুমান ৰজাই শাসন কৰা মুছলীম প্ৰধান ৰাজ্যত ব্যপক হাৰত হিন্দুৰ নিধন হৈছিল। তাৰ বিপৰীতে, হিন্দুসকল কিন্তু মুছলমান নিধনৰ পৰা বহু সময়তেই বিৰত আছিল। গান্ধী আকৌ অনশনত বহিছিল। হিংসা পৰিহাৰৰ বাবে। কি যে দুৰ্ভাগ্য, স্বাধীনতা লাভৰ সময়তেই জাতিৰ পিতা আকৌ অনশনত বহিব লগাত পৰিছিল – দেশৰ মানুহক বুজাবলৈ।
গান্ধীয়ে কংগ্ৰেছৰ নেতা সকলক কৈছিল, – ” ভাৰতে এতিয়া স্বাধীনতা পালে। যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল – ভাৰতৰ স্বাধীনতাৰ সূৰ্য্য স্নানৰ বাবে, এতিয়া কংগ্ৰেছ ভাঙি দিয়া হওক ।” – এই কথা কিন্তু কংগ্ৰেছ দলৰ কোনোৱেই নুশুনিলে। বৰঞ্চ কংগ্ৰেছ দলৰ আলোচনা- বিলোচনাবোৰৰ পৰা বহু সময়ত গান্ধীক আঁতৰাই ৰখা হৈছিল। গান্ধীৰো মোহভঙ্গ ঘটিছিল।
অসমৰ এচাম জনতাই কিন্তু এই স্বাধীনতা স্বীকাৰ কৰিব পৰা নাছিল। বিষ্ণুপ্ৰসাদ ৰাভাই চিঞৰিছিল -, “য়ে আজাদী ঝুথা হায়!” জনজাতীয় কৃষকসকলে স্বাধীনতাৰ দ্বাৰা উপকৃত হোৱাৰ কোনো আশা দেখা নাছিল। সেই সময়তেই ভাৰতত কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ কৰা হৈছিল।
স্বাধীনতাই আভ্যন্তৰীণ গণতন্ত্ৰ গঠন প্ৰণালীত বিয়োগাত্মক প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰিন্সলী ষ্টেট কিছুমানে ভাৰত অথবা পাকিস্তানৰ লগত চামিল নহৈ স্বাধীন ভাবে থকাৰ কথা ঘোষণা কৰিছিল। সেইবোৰ আছিল ট্ৰেভাঙ্কৰ, যোধপুৰ, ভূপাল, হাইদৰাবাদ, আৰু জুনাগড়। তাৰ শাসকসকলে ভাবিছিল – ভাৰত স্বাধীন হ’ল যেতিয়া, তেওঁলোকে নিজৰ নিজৰ অধিকাৰ ঘূৰাই পাব। কিন্তু যুক্ত ৰাষ্ট্ৰৰ দোহাই দি নেহৰু আৰু পেটেলৰ সংযুক্ত কৌশলত পাকিস্তানত চামিল হোৱা সকলক বাদ দি স্বাধীন ভাবে থাকিব খোজাবোৰো আহি ভাৰত যুক্ত ৰাষ্ট্ৰৰ সহযাত্ৰী হ’বলৈ বাধ্য হ’ল। বাকী থাকিল- কাশ্মীৰ!
এসময়ত অস্পৃশ্যতাৰ সংজ্ঞাই গোটেই ভাৰততে এক দূষিত পৰিবেশৰ সৃষ্টি কৰিছিল। আন্দোলনৰ সময়তেই অস্পৃশ্যসকলে হিন্দু সকলৰ পৰা আঁতৰি যোৱাৰ যো-জা চলাইছিল। কিন্তু গান্ধীয়ে তেওঁলোকক “হৰিজন”- আখ্যা দি, তেওঁলোকৰ লগত মিলা-মিছা কৰি সকলোৰে মাজত সদ্ভাৱৰ পৰিবেশ ৰক্ষা কৰিছিল। তথাপিয়ো গান্ধীয়ে “স্বাৰ্থপৰ” আখ্যা পাইছিল। আনকি পাকিস্তান গঠন হোৱাৰ পিছতো বিভাজনৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতি পূৰণ হিচাপে ৫০ কোটি টকা পাকিস্তানক আদায় দিয়াবলৈ ভাৰত চৰকাৰৰ ওপৰত হেঁচা দিবলৈ অনশনত বহিছিল।
এনেকুৱা কিছুমান ঘটনাই গান্ধীৰ প্ৰতি কিছুসংখ্যক লোকৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ইতিমধ্যে ভাৰতক এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে গঢ়ি তোলাৰ সম্পূৰ্ণ যা- যোগাৰ চলি আছিল ।
ভাৰতীয় সংবিধান এখন প্ৰস্তুত কৰাৰ বাবে সংবিধান সভা আহ্বান কৰা হ’ল। ড০ ৰাজেন্দ্ৰ প্ৰসাদ, ড০ ভীম ৰাও আম্বেদকাৰ আদিৰ ওপৰত তাৰ দায়িত্ব অৰ্পণ কৰা হ’ল। তেওঁলোকে পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানবোৰ গোটাই লৈ তাৰ পৰা বিভিন্ন নিয়ম সংগ্ৰহ কৰি ভাৰতৰ বাবে সুদীৰ্ঘ সংবিধান এখন সংকলিত কৰিবলৈ খচৰা এখন প্ৰস্তুত কৰিলে ।
গান্ধীয়ে কিন্তু ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথাহে কৈছিল। গান্ধীৰ কথাত অনেক লোক হতাশ হৈছিল। বহুতো ক্ষোভিত হৈছিল। বিশেষকৈ গান্ধীৰ মুছলমান প্ৰীতিয়ে বহুতকে নাৰাজ কৰিছিল।
ক্ৰমান্বয়ে গান্ধীৰ প্ৰতি কিছুসংখ্যক লোকৰ বিদ্বেষ ঘনীভূত হৈছিল।
ক্ৰমে গান্ধীয়ো ৰাজনৈতিক চিন্তাৰ পৰা আতৰি গৈছিল।
স্বাধীন ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে গান্ধীৰ নেতৃত্ব বহুতেই বিচাৰিছিল। কিন্তু নেহৰুৰ মৎত্বাকাঙ্খ্যা পূৰণৰ বাবে গান্ধীয়ে তাক প্ৰত্যাখ্যান কৰিলে।

ক্ৰমশঃ

R.K. Bezbaruah,Tezpur

LEAVE A REPLY

Please enter your comment!
Please enter your name here