সহযাত্ৰী (পষষ্ঠি)

0
136

সহযাত্ৰী (পষষ্ঠি)

ভগৱৎ সিঙে আৰম্ভ কৰা “ইনকিলাব জিন্দাবাদ” শ্লোগানে ইতিমধ্যে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। ১৯২৯ চনৰ ৮ এপ্ৰিলত কেন্দ্ৰীয় আইন সভাত ট্ৰেড ডিচপিউট বিল গৃহীত হোৱাৰ পিছত সভা কক্ষত দুটা বিস্ফোৰণ সংঘটিত হৈছিল। লগে লগে “ইনকিলাব জিন্দাবাদ” ধ্বনি উচ্চাৰণ হৈছিল। ভগৱৎ সিঙ আৰু বটুকেশ্বৰ দত্তক তাতেই আতক কৰা হৈছিল। তেওঁলোক কাৰাগাৰৰ আলহী হৈছিল গৈ। তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়ো বিচাৰ চলাই থকা হৈছিল।
ভাৰতীয় জনতা আৰু কংগ্ৰেছৰ আন্দোলনে বৃটিছ-ৰাজক ভাবিবলৈ বাধ্য কৰাইছিল যে – তেওঁলোকৰ দমন নিপীড়ন বোৰ লাহে লাহে কাম নোহোৱা অস্ত্ৰ হিচাপে পৰিগণিত হ’বলৈ ধৰিছে।
তাৰ মাজতে বৃটিছে গান্ধীৰ সৈতে এক- বুজা বুজি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। লৰ্ড এডোৱাৰ্ড আৰউইন আৰু গান্ধীৰ মাজত এক চুক্তি সম্পন্ন হয়। চুক্তি অনুসৰি, কংগ্ৰেছে অসহযোগ আন্দোলন ত্যাগ কৰিব লাগিব আৰু তাৰ বিনীময়ত দিয়া হ’ব সকলো আন্দোলনকাৰীকে জেইলৰ পৰা মুক্তি! চুক্তি সম্পন্ন হ’ল!
তাৰ পৰিপ্ৰেক্ষিতত, ইংলেণ্ডৰ ৰজাৰ পঞ্চম জৰ্জৰ নিৰ্দেশত প্ৰথমখন “ঘূৰণীয়া মেজ মেল” অনুষ্ঠিত কৰা হৈছিল। কিন্তু ভাৰতৰ প্ৰতিনিধি তাত উপেক্ষিত হৈ ৰ’ল। দ্বিতীয়খন “ঘূৰণীয়া মেজ মেল” আহ্বান কৰিছিল ১৯৩১ চনৰ ৭ নবেম্বৰত। নিমন্ত্ৰিত প্ৰতিনিধি আছিল এক মাত্ৰ গান্ধী। তাতো প্ৰকৃত বিষয় বাদ পৰিল। কেৱল সংখ্যালঘূৰ কথাটেই হে মূখ্য স্থান লাভ কৰিলে। ক্লিমেন্ট এটলীৰ কংগ্ৰেছৰ প্ৰতি মনোভাৱ আছিল ৰুক্ষ। গান্ধীৰ কণ্ঠও সিমান বলিষ্ঠ নাছিল।
এই কথাত ক্ষুন্ন হৈছিল সুভাষ বসু। দেশৰ পৰিস্থিত আৰু কংগ্ৰেছৰ কাৰ্য্য প্ৰণালীয়ে তেওঁৰ ধৈৰ্য্য কাঢ়ি লৈছিল। তেওঁ অস্থিৰ হৈ পৰিল। দেশৰ স্বাধীনতাৰ বাবে নতুন পথৰ সন্ধানত তেওঁ গুচি গৈছিল দেশৰ বাহিৰলৈ পৃথিৱীৰ অন্যান্য নেতাৰ লগত যোগাযোগ কৰি নতুন পথ বিচাৰি।
সেই সময়ত দেশত পুনৰ জনতাৰ ওপৰত অত্যাচাৰ আৰম্ভ হ’ল । গান্ধী সমন্বিতে বহুতো কংগ্ৰেছৰ নেতা জেইলত সোমাল। আন্দোলন ধংস কৰিবলৈ বৃটিছৰ ফালৰ পৰা নানা প্ৰচেষ্টা অব্যাহত থাকিল।
ইতিমধ্যে সুভাষ চন্দ্ৰ বসুৱে বহু কেইজন বিশ্ব নেতাৰ সৈতে কথা বতৰা পাতিলে। ইংলেণ্ডৰ লেবাৰ পাৰ্টিৰ সদস্যৰ সৈতেও কথা পাতিলে।
” I offer neither pay, nor quarters nor food ; I offer only hunger, thirst, forced marches, battle and death. Let him, who loves his country with his heart, and not merely with his lips, follow me.”-এয়া আছিল দুঃসাহসী ইটালীয়ান সৈনিক গিউচেপ্পে গাৰিবল্ডিৰ কথা। গাৰিবল্ডি আছিল ইটালীৰ আত্মা। সেই আত্মাৰ সন্ধানত সুভাষ বসু উদ্বুদ্ধ হৈছিল। শেষত তেওঁ মুচোলিনীক সাক্ষাৎ কৰিছিল।
মুক্তি লাগে। বসু চটফটাই উঠিছিল। যি কোনো প্ৰকাৰে ভাৰতক স্বাধীনতা লাগে।
১৯৩৮ চন।
বহু অভিজ্ঞতা, বহু মানুহৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক আদি লৈ বসুই ভাৰতলৈ প্ৰত্যাবৰ্তন কৰিলে।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব লৈ কংগ্ৰেছৰ সহযাত্ৰী হিচাপে এইবাৰ বসু আগবাঢ়িব খুজিলে। বসু উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাৰে পৰিচালিত বুলি কংগ্ৰেছী নেতাৰ বহুতেই তেওঁক সহজ ভাবে ল’ব পৰা নাছিল। বিশেষকৈ গান্ধীয়ে তেওঁক বহু সময়ত পৃথককৈ ৰাখিব খুজিছিল। বৃটিছৰ দুৰ্বলতাসমূহ বসুৱে বুজি পাইছিল আৰু সেই দুৰ্বলতাৰ সুবিধা গ্ৰহণ কৰাৰ পক্ষপাতী আছিল। কামাল আটাতুৰ্কৰ দৰে বৃটিছৰ বিৰুদ্ধে এক সশস্ত্ৰ সংগ্ৰামৰ গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ কৰিছিল।কিন্তু গান্ধী আছিল তাৰ বিপৰীত মেৰুত।
যেনে তেনে ১৯৩৮ চন শেষ হৈছিল। ১৯৩৯ চনৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰত্যাহ্বান পুনৰ আহিল। গান্ধীয়ে এইবাৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাত বসুক প্ৰত্যক্ষ ভাৱে বাধা দিলে। গান্ধী বিচাৰিছিল – সীতাৰামায়া পট্টৱী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হওক। কিন্তু গান্ধীৰ বাধা অতিক্ৰম কৰি বসু জিকিল। গান্ধী অসন্তুষ্ট হ’ল। তেওঁ আকৌ আহ্বান জনালে সভাপতি পদৰ পৰা বসুক পদত্যাগ কৰিবলৈ। তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱা কথাটো যেন কংগ্ৰেছৰ বহু সদস্যই সহজ ভাবে ল’ব পৰা নাছিল।
সকলো কথা সামৰি বসুৱে সভাপতি পদৰ পৰা পদত্যাগ কৰিলে।
ইয়াতেই এক অন্য যাত্ৰাই বসুৰ বাবে অপেক্ষা কৰি আছে।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here