Thursday, March 30, 2023
HomeAssameseমুকলি হ'ল নতুন অসমীয়া ছবি বুলু ফিল্মৰ ট্ৰেইলাৰ

মুকলি হ’ল নতুন অসমীয়া ছবি বুলু ফিল্মৰ ট্ৰেইলাৰ

মুকলি হ’ল নতুন অসমীয়া ছবি বুলু ফিল্মৰ ট্ৰেইলাৰ

হিমাংশু প্ৰসাদ দাস পৰিচালিত চিনেমা ‘বুলু ফিল্ম’-ৰ ট্ৰেইলাৰ মুকলি। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’, ‘গৰু’, ‘হিৰো’ নামৰ চিনেমা তিনিখনৰ পিছত হিমাংশু প্ৰসাদ দাস নিৰ্মাণ কৰা এয়া হ’ব চতুর্থ খন চিনেমা। যি কিছু অন্য ৰূপত নিৰ্মাণ কৰা হৈছে আৰু ছবিখনে মানুহৰ বাস্তৱ জীৱনৰ সত্যতাক আঙুলিয়াইছে।
ছবিখনত নামনি অসমৰ এখন সাধাৰণ গাঁৱত লকডাউনে কেনেদৰে সমস্যাৰ সৃষ্টি কৰিছিল তাক দেখুওৱা হৈছে। লকডাউনৰ সময়চোৱাত গাঁওখনৰ মূলতঃ নিম্ন মধ্যবিত্ত লোকসকলে ভীষণ অভাৱৰ সমুখীন হৈছিল। আৰু লকডাউনৰ সময়চোৱাত উক্ত গাঁওখনৰে তিনিজন যুৱকে হেৰুৱাইছিল সংস্থাপন। সময়ৰ লগে লগে তিনি যুৱকৰ ঘৰত অভাৱে ভয়ংকৰ ৰূপ লৈছিল। আৰু তেওঁলোকে উপাৰ্জনৰ বিকল্প পথ বিচাৰিছিল। অৱশেষত তেওঁলোকে গাঁৱতে ‘ব্লু-ফিল্ম’ নিৰ্মানৰ পৰিকল্পনা কৰে। আৰু সেই ছবি ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখে তিনি যুৱকে। অৱশেষত তিনিজন যুৱক মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ । এই কাহিনীৰ আধাৰতে নিৰ্মান হৈছে হিমাংশু প্ৰসাদ দাসৰ ‘বুলু ফিল্ম’ নামৰ চিনেমাখন।
চিনেমাখনৰ আৰম্ভ হাস্য-ব্যংগ শৈলীৰে হ’য় কিন্তু সমাপ্তি এক অভাৱনীয় পৰিণতিত হয়। চিনেমাখনে ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰিছে।
চিনেমাখনত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। চিনেমাখনত অভিনয় কৰিছে প্ৰনামী বৰা, অপুৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ, অনামিকা শৰণীয়া, গৌৰৱজ্যোতি দাস, শিখা ঠাকুৰীয়া আদিয়ে।
চিনেমাখন অহা ৯ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব।

Entertainment Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments