বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰী সকলৰে বিশেষ বৈঠক প্ৰধানমন্ত্ৰীৰ

23

বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰী সকলৰে বিশেষ বৈঠক প্ৰধানমন্ত্ৰীৰ

দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যকাৰ্যলয়ত ৰবিবাৰে অনুষ্ঠিত হৈছে গুৰুত্বপুৰ্ণ বৈঠক । বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী তথা উপমুখ্যমন্ত্ৰী সকল উপস্থিত থকা এই বৈঠকত ২০২৪ চনত অনুষ্ঠিত হব লগীয়া লোকসভা নিৰ্বাচনক লৈ বিশেষ বাবে আলোচনা হব । এই বৈঠকতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৰ ৰণনীতি সন্ধৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে । বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী তথা উপমুখ্যমন্ত্ৰী সকলক আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিশেষ দায়িত্ব অৰ্পণ কৰা হব ।
আজি অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী ফুলৰ থোপাৰে আদৰণি জনাই বিজেপি সভাপতি জেপি নড্ডাই । কেন্দ্ৰীয় সভাপতি জেপি নড্ডাই সভাপতিত্ব কৰা বৈঠকত বিজেপি শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ , অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , হাৰিয়াণাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ । আজি অনুষ্ঠিত এই বৈঠকত বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী সকলে নিজ নিজ ৰাজ্যৰ বিকাশ আৰু কল্যাণকামী আঁ‌চনি সমুহৰ প্ৰতিবেদন দাখিল কৰিব ।
বিগত ৮ বছৰত মোডী চৰকাৰৰ কাৰ্যকৰী কৰা বিভিন্ন আচঁ‌নি সমুহৰ সাফল্যৰ কথা জনতাৰ ওচৰলৈ লৈ যোৱাৰ ৰণনীতি সন্ধৰ্ভতো আলোচনা হব ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here